নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃজিলা যাতায়াতঃ এমাহ ছদিনৰ মূৰত ফেৰী চলিল মাজুলীত

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ  অসম চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্রিলত ই–পাছৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক স্বগৃহলৈ যোৱাৰ সুবিধা প্রদান কৰাৰ কার্যকৰী ব্যৱস্থা হিচাপে যোৰহাট জিলা প্রশাসনে নিমাতীঘাটৰ পৰা ফেৰী চলোৱাৰ বিপৰীতে দেওবাৰে মাজুলীৰ পাৰৰ পৰা ফেৰী চলাইছে মাজুলী জিলা প্রশাসনে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে যোৱা ২১ মার্চত মাজুলী–নিমাতী ফেৰী সেৱা বন্ধ কৰি দিছিল মাজুলী জিলা প্রশাসনে৷ কিন্তু ই–পাছৰ জৰিয়তে তিনি দিন বিভিন্ন জিলাৰ পৰা অহা–যোৱাৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷

ইফালে, মাজুলী–নিমাতী ফেৰী সেৱা বন্ধ থকাত ই–পাছ লাভ কৰাৰ পিছতো বাইক আৰোহীসকলে শনিবাৰে পুৱা পাঁচ বজাৰ পৰা ১০ বজালৈকে কমলাবাৰী ফেৰী ঘাটত বোন্দাপৰ দি থাকি ঘূৰি আহিব লগা হোৱাৰ লগতে হাৰাশাস্তি ভুগিব লগা হয়৷ এইবাইক আৰোহীসকলে মাজুলীত বাইক এৰি চৰম শাস্তিৰে বগীবিল হৈ প্রায় দুশ–তিনিশ কিলোমিটাৰ বাটকুৰি বাই যোৰহাটলৈ যাব লগা হয়৷ ভুক্তভোগী লোকসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে ই–পাছ পায়ো দুচকীয়া বাহনসহ পুৱা ৬ বজাৰ পৰা কমলাবাৰী ফেৰী ঘাটত বোন্দাপৰ দিও যাব নোৱাৰিলে নিমাতীলৈ৷ মাজুলীৰ পৰা বগীবিল হৈ এ এছ টি চিৰ ৮ খন বাছেৰে যোৰহাটৰ ৯০জন যাত্রীক যোৰহাটলৈ নিছিল৷ একে সময়তে শনিবাৰে ই–পাছ পোৱা ৪০জন যাত্রীক যোৰহাট প্রশাসনে ১৯খন বাইকসহ টিপকাই নামৰ জাহাজখনত নিমাতীৰ পৰা মাজুলীলৈ পাৰ কৰিলে৷

দেওবাৰে যোৰহাট প্রশাসনে নিমাতীঘাটত স্বাস্থ্য পৰীক্ষা কৰি মাজুলীলৈ পাৰ কৰিছে ই–পাছ থকা যাত্রীসকলক৷ প্রশ্ণ হয়– যোৰহাট প্রশাসনে যদি ই–পাছ থকা যাত্রীসকলক বাহনসহ কালি মাজুলীলৈ পাৰ কৰিব পাৰেই, তেনেহ’লে মাজুলী জিলা প্রশাসনে নোৱাৰিলে কিয়? কিয় হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হ’ল ই–পাছ থকা যাত্রীসকল৷ মাজুলী জিলা প্রশাসনৰ অৱজ্ঞাৰ ফলতবহু যাত্রীয়ে দুচকীয়া বাহন মাজুলীত এৰি বগীবিল দলং হৈ ৭ ঘণ্টা যাত্রা কৰিব লগা হ’ল যোৰহাটলৈ৷ দেওবাৰে মাজুলী জিলা প্রশাসনে মাজুলীৰ পৰা ৩০জন ই–পাছ থকা যাত্রীক শনিবাৰে নিমাতীৰ পৰা অহা টিপকাই নামৰ জাহাজখনতে নিয়াৰ ব্যৱস্থা কৰিছে৷ ১ মাহ ৬ দিনৰ মূৰত এনেদৰে তিনি দিনৰ বাবে ই–পাছ থকাসকলক লৈ চলিছে মাজুলী–নিমাতী ফেৰী সেৱা ।

You might also like