মাজুলী জিলা সাংবাদিক সন্থাৰ উদ্যোগত দত্তদেৱ গোস্বামী সদৌ অসম গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ অসমৰ সাংবাদিকতাৰ জগতৰ এগৰাকী মুকুটবিহীন সম্ৰাট দত্ত দেৱগোস্বামী প্ৰকৃততে এজন জাতীয় চেতনাক জাগ্ৰত কৰা অনন্য, ব্যতিক্ৰমী ব্যক্তি আছিল। ১৮৭১ চনতে কলিকতাৰ পৰা ছপাশাল জহাজেৰে আনি মাজুলীৰ পৰা “আসাম বিলাসীনি ” বাতৰিকাকত প্ৰকাশ কৰিছিল । অসমৰ জাতীয় জীৱনৰ প্ৰথমখন অসমীয়া লোকৰ দ্বাৰা প্ৰকাশিত আসাম বিলাসীনি বাতৰিকাকত বাৰ বছৰে প্ৰকাশ কৰা দত্ত দেৱগোস্বামীৰ নামত অসমত এখন সাংবাদিকতাৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে, দত্ত দেৱ গোস্বামীৰ নামত অসমৰ যিকোনো এখন বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা কৰিব লাগে”– এই মন্তব্য ড০ শশীকান্ত শইকীয়াৰ । আজি মাজুলী জিলা সাংবাদিক সন্থাৰ উদ্যোগত আউনীআটী সত্ৰৰ অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত দত্ত দেৱগোস্বামী সোঁৱৰণী সদৌ অসম সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই এইদৰে কয় । বিশিষ্ট চিন্তাবিদজনে দত্তদেৱ গোস্বামীৰ জীৱন ভিত্তিক এক ৱেবচাইটৰ প্ৰস্তুত কৰাৰো প্ৰস্তাৱ দিয়াৰ লগতে প্ৰস্তাবিত আউনীআটী বিশ্ব বিদ্যালয়ত দত্তদেৱ গোস্বামীৰ নামত সাংবাদিকতাৰ এটা বিভাগ খোলাৰো প্ৰস্তাৱ দিয়ে । উক্ত বঁটা প্ৰদান উপলক্ষে আজি দুপৰীয়া আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় । মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে যদু কলিতা আৰু সম্পাদক দীপু বৰাই । লখিমপুৰৰ শিল্পী প্ৰণামী শইকীয়াই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা সভাখন উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই । সভাত দত্তদেৱ গোস্বামীৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্দিষ্ট বিষয়ত বক্তৃতা প্ৰদান কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীয়ে । নিজৰ ভাষণত ড০ গোস্বামীয়ে সাংবাদিকসকল সমাজৰ অতন্দ্ৰ প্ৰহৰী বুলি উল্লেখ কৰি দত্ত দেৱ গোস্বামীৰ নামত প্ৰস্তাৱিত আউনীআটী বিশ্ববিদ্যালয়ৰ মূল আৰ্চাৰ্য কক্ষ নিৰ্মাণ কৰাৰ লগতে “আসাম বিলাসীনি”ৰ সম্পাদক শ্ৰীধৰ ওজাৰ নামতো আন এটা সদৌ অসম সাংবাদিক বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে । সভাত সন্মানীয় অতিথি হিচাপে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী , বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অভিযন্তা তথা মাজুলী পঞ্চৰত্নৰ ৰূপকাৰ জিতেন দোলাকাষৰীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক ৰাতুল বৰা, বিশিষ্ট সাংবাদিক বিপিন শইকীয়া, মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনীন্দ্ৰ ভূঞা, মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, বিশিষ্ট লেখক বদন দোলাকাষৰীয়া, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মিনতি শইকীয়া, ডলী বৰুৱা, জগত হাজৰিকা, টি এম পি কেৰ জিলা কাৰ্যনিৰ্বাহক ডিম্পু দলেয়ে ভাষণ প্ৰদান কৰে । উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত আউনীআটী সত্ৰৰ পৃষ্ঠপোষকতাত মাজুলী জিলা সাংবাদিক সন্থাই ২০০৬ চনৰ পৰা প্ৰৱৰ্তন কৰা দত্তদেৱ গোস্বামী সদৌ অসম গ্ৰাম্য সাংবাদিক বঁটা ৰিজু কুমাৰ শইকীয়াক প্ৰদান কৰা হয় । সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উক্ত বঁটা স্বৰ্ণ পদক ৰিজু কুমাৰ শইকীয়াক প্ৰদান কৰে । অনুষ্ঠানত মাজুলী জিলা সাংবাদিক সন্থাই প্ৰৱৰ্তন কৰা নিত্যানন্দ ভৰালী সোঁৱৰণী সাংবাদিক বঁটা ( দাতা – ৰুমী ভৰালী শইকীয়া- গড়মূৰ ) চলিত বৰ্ষৰ বাবে সাংবাদিক উৎপল কাকতিক আৰু কুমুদ দত্ত সোঁৱৰনী যুৱ সাংবাদিক বঁটা ( দাতা- সঞ্জীৱ কুমাৰ দত্ত – কুঁহিয়াৰবাৰী ) চলিত বৰ্ষৰ বাবে ৰাজীৱ পাটিৰক প্ৰদান কৰা হয় । বঁটা গ্ৰহণ কৰি তিনিওজন সাংবাদিকে নিজৰ অনুভৱ প্ৰকাশ কৰি মননশীল বক্তৃতা প্ৰদান কৰে। উক্ত, অনুষ্ঠানতে মাজুলীৰ জ্যেষ্ঠ সাংবাদিক, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক খগেন হাজৰিকই লিখা “বিশ্বৰ আজিৰ দিনটো ” উন্মোচন কৰে সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীয়ে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰাই ।
প্ৰেৰক ৰূপজ্যোতি বৰা