নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰৰ নিৰ্বাচনত বিৰোধীয়েই নাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা – মাজুলীত ভুবন গামৰ মনোনয়ন দাখিল

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অহা ৭ মাৰ্চত অনুষ্ঠিত হব লগা উপ-নিৰ্বাচনৰ বাবে মাজুলী বিধানসভা সমষ্টিৰ বাবে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ভুবন গামে আজি সদলবলে আহি নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

কালি বিপুলসংখ্যক সমৰ্থকৰ ৰেলীৰে মাজুলীত উপস্থিত হোৱা ভুবন গামে মনোনয়নৰ প্ৰাকক্ষণত আজি পুৱাই মাজুলীৰ গড়মূৰস্থিত নীলকণ্ঠ শিৱ মন্দিৰত সেৱা গ্ৰহণ কৰি আৰ্শীবাদ লয়। ভুৱন গামৰ মনোনয়নৰ বাবে বৰবাৰীস্থিত হেলপেডত অৱতৰণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গামে আদৰণি জনায়।

ইয়াৰ পিছতে গড়মূৰ সদৰস্থিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী । প্ৰাৰ্থীজনৰ বাসগৃহতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱাসহ বহুকেইগৰাকী মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কৰে ক্ষন্তেক আলোচনাত মিলিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী পোনেই মাজুলী মিনি ষ্টেডিয়ামত উপস্থিত হৈ মাজুলী উপ-নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ মনোনয়নৰ লগত সংগতি ৰাখি আয়োজন কৰা নিৰ্বাচনী সভাত অংশ লয়।

সভাতে প্ৰাৰ্থী ভুৱন গামে মুখ্যমন্ত্ৰীক শৰাই, ফুলাম গামোচা, চেলেং, মিচিং জনগোষ্ঠীয় সাজপাৰেৰে আদৰণি জনায়। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে অসমৰ অন্যতম ভূমি পুত্ৰ মিচিং সম্প্ৰদায়ৰ আলি আয়ে লৃগাংৰ শুভেচ্ছাৰে ভাষণ আৰম্ভ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচনত মাজুলীৰ ৰাইজৰ সহায় সহযোগিতাৰে ভুৱন গামক বিপুল ভোটত জয়ী কৰাব লাগিব বুলি মন্তব্য কৰে ।

মাজুলীৰ উন্নয়নৰ প্ৰসংগত কবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কয় -মাজুলীৰ উন্নয়নৰ প্ৰক্ৰিয়া ২০১৬ পৰা আৰম্ভ হৈছিল। জিলা ঘোষণাৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে মাজুলীৰ উন্নয়ন বহুখিনি হৈছে। ২০২৬-ৰ নিৰ্বাচনৰ আগেয়ে গাড়ীৰে যোৰহাটৰ পৰা মাজুলীলৈ আহি চেলেক ধুনাগুৰি-বিহপুৰীয়া হৈ উভতি যাম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ।

ইফালে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটি টকা,পলিটেকনিক,আয়ুস,মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কামো অতি সোনকালে সমাপ্ত হব বুলি কয় । মুখ্যমন্ত্ৰীয়ে চৰকাৰে লোৱা ধান ক্ৰয় আঁচনিত মাজুলীৰ কৃষকৰ অংশগ্ৰহণ বিচাৰি কয় যে- অহাবাৰ আমি আৰু অধিক দামত কৃষকৰ ধান ক্ৰয় কৰিম যাতে কৃষকে আৰু কষ্ট পাব নালাগে। মাজুলীত গুদাম আৰু ধানৰ মিলৰ প্ৰয়োজন আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে অহা ১০ মে’ৰ পৰা পুৰুষানুক্ৰমে চলি অহা মাটিৰ ম্যাদী কৰা হব।

১ এপ্ৰিলৰ পৰা মাইক্ৰ ফাইনেন্সৰ পৰ্টেল মুকলি হব। স্বাস্থ্য ,আৰক্ষী ,শিক্ষা আদিত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব।অৰুনোদয় আঁচনিৰ মূল্য আৰু বঢ়াই দিয়া হ’ব। মাজুলীৰ আৰু ৬০০০ মহিলাই অৰুণোদয় আঁচনিৰ পইচা পাব বুলি মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সিদ্ধান্ত ঘোষণা কৰে। উপ-নিৰ্বাচন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে- মই মাত্ৰ ভুৱন গামক শুভেচ্ছা জনাবলৈ আহিছিলোঁ। এইবাৰ নিৰ্বাচনত বিৰোধীয়েই নাই গতিকে আগত মুকলি পিচ ৰাস্তা আছে যেতিয়া ১০০ স্পীডত চলাই লৈ যাব পাৰিব। মাজুলীৰ উন্নয়নৰ বাবে বিকাশৰ নতুন দিগন্তলৈ লৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে ভুবন গামক জয়ী কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী ড° শৰ্মা জৰুৰী ভাৱে মুম্বাইলৈ যাবলগীয়া হোৱাৰ বাবে ভাষণ প্ৰদান কৰিয়েই সভা ত্যাগ কৰে। সভাত কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মন্ত্ৰী ৰনোজ পেগু,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱেও ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে শতাধিক সমৰ্থকৰ সৈতে সমদল কৰি মাজুলী উপ নিৰ্বাচনৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গাম মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয়।

মিনি ষ্টেডিয়ামৰ সভা স্থলীৰ পৰা আৰম্ভ হোৱা জনগোষ্ঠীয় নৃত্য গীতৰ সমাহাৰ সমৃদ্ধ সমদলটোত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰী ডাঃ ৰনোজ পেগু,সাংসদ প্ৰদান বৰুৱা,বিধায়ক নৱ কুমাৰ দলে,অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী বিমল বৰা, বিধায়ক মানৱ ডেকা, বিধায়ক প্ৰশান্ত ফুকন, অসম ৰাজ্যিক গৃহ নিৰ্মাণ বিভাগৰ উপাধ্যক্ষ সুভাষ দত্ত, এপিডিচিএলৰ অধ্যক্ষ ড° কাশ্যপ প্ৰকাশ, ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী,পৰমানন্দ চাৰেঙীয়া,মাধৱ দেউৰী, ফনীধৰ টাহু,ৰঞ্জিত দলে ,লোকনাথ কুটুম,সুনীল পেগু,ৰাজু খনিকৰ, হৰেন দেউৰী, বসন্ত শইকীয়া আদিয়ে সংগ দিয়ে।অৱশ্যে নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ মাজেৰে সাংসদ প্ৰদান বৰুৱা আৰু মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সৈতে জিলা ৰিটাৰ্নিং বিষয়াৰ হাতত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে মনোনয়ন পত্ৰ দাখিল কৰে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like