অসম হাটশিঙিমাৰীত হোম কোৱাৰেইণ্টাইনত থকা এজন লোকৰ মৃত্যু By নিয়মীয়া বাৰ্তা On Jun 9, 2020 Share নিয়মীয়া বাৰ্তা ৮ জুনঃ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ওচমান আলী নামৰ এগৰাকী ৰোগীৰ মৃত্যু আজি মৃত্যু হয়। প্ৰায় ২০ দিন পূৰ্বে লোকজন দিল্লীৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, দিল্লীৰ পৰা অহাৰ পাছত লোকজনক ধুবুৰীৰ ছাগলীয়াত পৃথকীকৰণ চেণ্টাৰত ৰাখি তাতেই স্বাব পৰীক্ষা কৰা হৈছিল । পাছত স্বাব পৰীক্ষাত নিগেটিভ হোৱাত যোৱা ২৫ মে’ ত লোকজনক হোম কোৱাৰেইণ্টাইন কৰা হৈছিল । কিন্তু হোম কোৱাৰেইণ্টাইনত থকা ওচমান আলীৰ যোৱা নিশা হঠাৎ অসুস্থ হোৱাত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ আইছ’লেশ্যনত ভৰ্তি কৰা হয়। লগতে পুনৰ তেওঁৰ স্বাব লৈ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নমুনা প্ৰেৰণ কৰা হৈছে। ইপিনে আজি পুৱাই ওচমান আলীৰ মৃত্যু ঘটে । বৰ্তমান ওচমান আলীৰ মৃতদেহটো হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়তে আছে । আনহাতে এতিয়ালৈ তেওঁৰ ক’ৰোনা টেষ্টৰ ফলাফল অহা নাই । Share