নিয়মীয়া বাৰ্তা ২৬ জুনঃ বাঘ সংৰক্ষণৰ ইতিহাসত নজিৰবিহীন কৃতিত্ব প্রদর্শন কৰিবলৈ সক্ষম হৈছে মানাহ ৰাষ্ট্রীয় উদ্যান তথা ব্যাঘ্র প্রকল্পই৷ মাত্র এটা বছৰৰ ব্যৱধানতে ৰাষ্ট্রীয় উদ্যানখনত বাঘৰ সংখ্যা ১৬টা বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে ৰাষ্ট্রীয় উদ্যানখনত নিশ্চিত কৰা হৈছে মুঠ ৪৬টা বাঘৰ উপস্থিতি৷ ট্রেপিং কেমেৰাৰ জৰিয়তে তোলা ছবিৰে চলিত বর্ষত ৰাষ্ট্রীয় উদ্যানখনত বাঘৰ সমীক্ষা চলোৱা হৈছে৷ এই সমীক্ষাৰ অন্তত ১৬টা পূর্ণবয়স্ক মতা বাঘ, ১৯টা পূর্ণবয়স্ক মাইকী বাঘ, তিনিটা প্রাপ্তবয়স্ক বাঘ আৰু ৭টা পোৱালি বাঘ থকাৰ প্রমাণ পোৱা গৈছে ৰাষ্ট্রীয় উদ্যানখনত৷ তদুপৰি বৰনদী এলেকাৰ বনাঞ্চলতো এটা বাঘৰ উপস্থিতি পোৱা গৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে ২০১৬ চনত ৰাষ্ট্রীয় উদ্যানখনৰ সৈতে ৩৫০ বর্গকিলোমিটাৰ বনাঞ্চল সংযোজিত কৰা হৈছিল৷ সেই ঠাইতো সন্ধান পোৱা গৈছে চাৰিটা বাঘৰ৷
২০০৬ চনত ট্রেপিং কেমেৰাত মাত্র এটা বাঘ ধৰা পৰা ৰাষ্ট্রীয় উদ্যানখনত চলিত বর্ষত ইয়াৰ সংখ্যা ৪৬টালৈ বৃদ্ধি পোৱাটো বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত লক্ষণীয় দিশ ৰূপে চিহ্ণিত হৈছে৷ ৰাষ্ট্রীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, ২০১০ চনত মানাহত বাঘৰ সংখ্যা আছিল ১০টা৷ ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ কর্তৃপক্ষৰ নির্ধাৰিত নীতি অনুসৰি ২০২০ চনত ই দুগুণ হ’ব লাগিছিল৷ কিন্তু সেই সময়ছোৱাত তিনি গুণ হাৰে বাঘৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৩০টা৷ এতিয়া এটা বছৰৰ ব্যৱধানতে ৰাষ্ট্রীয় উদ্যানখনত বাঘ ৪৬টালৈ বৃদ্ধি পালে৷ উল্লেখ্য যে বি টি আৰৰ অন্তর্গত ৰাষ্ট্রীয় উদ্যানখনক ১৯৭২ চনত ব্যাঘ্র প্রকল্প ৰূপে চিহ্ণিত কৰা হৈছিল৷ কিন্তু ১৯৮০ৰ পৰা ২০০৩ চনৰ ভিতৰত গভীৰ জংঘলেৰে ভৰা ৰাষ্ট্রীয় উদ্যানখনলৈ কার্যতঃ সংকট নামি আহে৷
চোৰাং চিকাৰী আৰু কাঠ মাফিয়াৰ দৌৰাত্ম্যৰ ফলত অতি উদ্বেগজনকভাৱে হ্রাস পাইছিল গঁড়–বাঘ–নাহৰফুটু ম’হ–হৰিণ আদিকে ধৰি বিভিন্ন বন্যপ্রাণীৰ সংখ্যা৷ আনকি নব্বৈৰ দশকত ৰাষ্ট্রীয় উদ্যানখনৰ ‘ঐতিহ্য ক্ষেত্র’ৰ স্বীকৃতিও ইউনেস্ক’ই ‘বিপন্ন’ৰ তালিকাভুক্ত কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত ৱ’ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ (ডব্লিউ ডব্লিউ এফ), ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া (ডব্লিউ টি আই) আদি বিভিন্ন বন্যপ্রাণী সংৰক্ষণ সংস্থাৰ সহযোগত সংশ্লিষ্ট কর্তৃপক্ষই গ্রহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফল পৰিলক্ষিত হ’বলৈ ধৰে৷ গঁড় আৰু বাঘকে ধৰি বিভিন্ন বন্যপ্রাণী, চৰাই আদিৰ সংখ্যা বৃদ্ধি পাই আহে ৰাষ্ট্রীয় উদ্যানখনত৷ এই সন্দর্ভত ৰাষ্ট্রীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই দিয়া তথ্য অনুসৰি এসময়ত মানাহ গঁড়শূন্য হৈ পৰিছিল৷ যাৰ বাবে কাজিৰঙা আৰু পবিতৰাৰ পৰা মানাহলৈ গঁড় অনা হয়৷
এতিয়া মানাহত গঁড়ৰ সংখ্যা হৈছে ৪৭টা৷ সেইদৰে ২০১৫ চনত মাত্র ৪৩টা ‘ছৱাম্প ডিয়াৰ’ থকা ৰাষ্ট্রীয় উদ্যানখনত এই প্রাণীবিধৰ সংখ্যা এতিয়া প্রায় ১২১টালৈ বৃদ্ধি পাইছে৷ একেদৰে সোণালী বান্দৰ, বেংগল ফ্ল’ৰিকেন, বনৰীয়া ম’হ আদিৰ সংখ্যাও ৰাষ্ট্রীয় উদ্যানখনত বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্রীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালকজনে৷ তেওঁ কয় যে শেহতীয়াকৈ চলোৱা সমীক্ষাত মানাহত ৩৫০টা প্রজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে৷ যিটো অতি গুৰুত্বপূর্ণ৷
ইফালে বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত দেখুওৱা এনে ধৰণৰ সফলতাৰ বাবে বিগত আঠ মাহৰ ভিতৰতে ৰাষ্ট্রীয় উদ্যানখনে তিনিটাকৈ গুৰুত্বপূর্ণ বঁটা আৰু এটা ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিছে৷ এই সম্পর্কত ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই প্রকাশ কৰা মতে, গ্ল’বেল টাইগাৰ ফ’ৰামে প্রদান কৰা কনজাৰভেচন এক্সিলেঞ্চীৰ উপৰি হেমচন্দ্র মহিন্দ্র বঁটা আৰু ইনটেক বঁটাৰে সন্মানিত হৈছে ৰাষ্ট্রীয় উদ্যানখনে৷ ‘কেট্ছ’ৰ দ্বাৰা ৰাষ্ট্রীয় উদ্যানখনে ৰাষ্ট্রীয় স্বীকৃতিৰ যোগ্যতা অর্জন কৰাৰ বিপৰীতে আন্তঃৰাষ্ট্রীয় স্বীকৃতিৰ বাবেও বিষয়টো সংশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰা হৈছে৷