নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈৰ ৰাজপথত ধন লৈ গ্রেপ্তাৰ কৃষি উন্নয়ন বিষয়া

ধান বিক্রী কেন্দ্রৰ নামত উৎকোচ দাবী জ্যোতিৰেখা দাসৰ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ অসম আৰক্ষীৰ দুর্নীতি নিবাৰণ আৰু তদাৰকী সঞ্চালকালয়ৰ ১৪জনীয়া দল এটাই বুধবাৰে পুৱাৰ ভাগতে মঙলদৈ চহৰৰ শান্তিপুৰত অভিযান চলাই খাৰুপেটীয়া চক্রৰ কৃষি উন্নয়ন বিষয়াক গ্রেপ্তাৰ কৰে৷ কিছুদিন পূর্বে খাৰুপেটীয়াৰ জয়নাল আব্দিন নামৰ এজন কৃষকক ধান বিক্রী কেন্দ্রৰ প্রমাণ–পত্র প্রদানৰ নামত কৃষি উন্নয়ন বিষয়া অর্থাৎ এডি’ জ্যোতিৰেখা মেধি দাসে ১৫ হাজাৰ টকা দাবী কৰা বুলি তদাৰকী সঞ্চালকালয়ত অভিযোগ দিছিল আৰু এই অভিযোগৰ ভিত্তিত অভিযান চলাই বিষয়াগৰাকীক গ্রেপ্তাৰ কৰে৷

লক্ষণীয় যে বুধবাৰে পুৱা প্রায় ১০ বজাত মঙলদৈৰ শান্তিপুৰ তিনিআলিৰ সমীপতে এডিঅ’ মেধি দাসে তেওঁৰ এ এছ–১২ ৱাই–৩৭৯৪ নম্বৰৰ স্কুটীখন লৈ ওলাই আহিছিল৷ মঙলদৈৰ শান্তিপুৰত থকা ভাৰা ঘৰৰ পৰা তেওঁ কর্মস্থলী জিলা কৃষি বিষয়াৰ কার্যালয়লৈ যাবলৈ ওলাই আহিছিল৷ কিন্তু তিনিআলিৰ সমীপতে পূর্বৰে পৰা ৰৈ থকা জয়নাল আব্দিনে কাগজৰ লুৰা এটা মেধিৰ হাতত গুঁজি দিবলৈ চেষ্টা কৰি কিছু সময় কথা পাতিবলৈ লয়৷ সেই সময়তে অসামৰিক সাজত থকা মহিলাসহ একাংশ আৰক্ষী দুখনকৈ বলেৰ’ বাহনৰ পৰা আহি বিষয়াগৰাকীক গ্রেপ্তাৰ কৰে৷

ইপিনে, এই ঘটনাৰ পাছতে বহু লোকে সেই স্থানত জুম পতাত অভিযানকাৰী দলটোৱে মেধিক স্কুটীৰ পৰা নমাই ওচৰৰ জলসিঞ্চন বিভাগৰ কার্যালয়ৰ সমুখতে ৰখা এখন বাহনত ২ মহিলা কনিষ্টবলৰ সৈতে বহুৱাই ৰাখে আৰু তথ্য সংগ্রহ কৰে৷ প্রায় ৩ ঘণ্টা এইদৰে প্রচণ্ড গৰমতে থকা দলটোৱে দিনৰ প্রায় ২.৩০ বজাত মেধিৰ ভাৰা ঘৰলৈ যায়৷ তাত পুনৰ তালাচী চলায়৷ অৱশেষত তদাৰকী শাখাৰ আৰক্ষী উপ–ধীক্ষক মৈত্রেয়ী ডেকাৰ নেতৃত্বত ১৪জনীয়া দলটোৱে আবেলি অভিযান সামৰি গুৱাহাটী অভিমুখী হয়৷ আশ্চর্যকৰ বিষয় এয়ে যে জয়নাল আব্দিন নামৰ অভিযোগকাৰী ঘটনাস্থলীত ধন দিয়েই অন্তর্ধান হয়৷

সংবাদ মাধ্যমে বিতংকৈ জানিবলৈ ৰৈ থকা অৱস্থাত আব্দিনৰ অন্তর্ধান ৰহস্যজনক৷ সমগ্র বিষয়ক লৈ গুৱাহাটীৰ পৰা অহা দলটোৱে সবিশেষ একো নজনোৱাকৈ আঁতৰি যায় যদিও মেধিয়ে ষডযন্ত্রমূলকভাৱে তেওঁক ধন দিব আহিছিল যদিও ধনৰ টোপোলা তেওঁ লোৱা নাছিল, কেৱল স্কুটীত গুঁজি পলায়ন কৰা বুলি অভিযোগ কৰে৷ সমগ্র বিষয়টোৰ বিতং তথ্য পৰৱর্তী সময়ত তদন্তকাৰীসকলে জনাব পাৰিব যদিও দৰঙৰ পূব প্রান্তত কৃষি বিভাগৰ যোগেদি চলি থকা দুর্নীতি–নিয়ম পোহৰলৈ আহিছে৷ দৰঙৰ পূব প্রান্ততে জালিয়াতিৰে কৃষক সন্মান নিধিৰ তালিকাত নাম সুমুৱাই, ধন দি অকৃষকে ট্ৰেক্টৰ লোৱা আদি অলেখ অভিযোগ উত্থাপন হৈ আহিছে৷ লক্ষণীয় যে ২০১৭ চনতে এডিঅ’ নিযুক্তি সন্দর্ভত দাসৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড থানাত এপিএছচিৰ নিযুক্তি কেলেংকাৰি সম্পর্কীয় এটা গোচৰ ৰুজু হৈ আছে আৰু উক্ত গোচৰৰ জামিন লৈহে দৰং জিলা কৃষি বিষয়াৰ কার্যালয়ৰ অন্তর্গত খাৰুপেটীয়া কৃষি চক্রত কার্যনির্বাহ কৰি আহিছে৷

You might also like