নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ চহৰত ওলাল ঘোং, বনকৰ্মী, শিশু সহ আহত ৩

ট্ৰেংকুলাইজড কৰাৰ চেষ্টা অব্যাহত, এক্সেভেটৰ ব্যৱহৃত

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিৰল প্ৰজাতিৰ ব্লেকপেন্হাৰ তথা ঘোং এটাই আজি মঙলদৈ চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰাৰ পাছতে হিংস্ৰতাৰ বলি হয় বনকৰ্মী, শিশু সহ ৩ জনকৈ নিৰীহ। প্ৰত্যক্ষদৰ্শীয়ে প্ৰায় ৪/৫ ফুট দীঘল আৰু ৩ ফুট উচ্চতাৰ হিচাবে অভিহিত কৰা ঘোংটো সাধাৰণ জোপোহা বনৰ আৰঁত লুকাই থকাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে আতংকৰ সৃষ্টি হয় আৰু ক্ৰমাগতভাৱে স্হান সলনিৰ সময়তে হিংস্ৰতাৰ বলি হব লগা হয়। আহত শিশু সহ সকলোকে সম্প্ৰতি চিকিৎসা প্ৰদানৰ সমান্তৰালভাৱে ঘোংটো ট্ৰেংকুলাইজড কৰাৰ প্ৰচেষ্টা অব্যাহত আছে মঙলদৈ ৬নং ৱাৰ্ডত। গুৱাহাটী চিৰিয়াখানাৰ পৰা দলটোৱে ট্ৰেংকুলাইজড কৰিবলৈ এক্সেভেটৰ অৰ্থাৎ বুলডজাৰ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰা হৈছে যদিও এই পৰ্যন্ত ৭/৮ বছৰীয়া বাঘৰ প্ৰজাতিৰ ঘোংটো কৰায়ত্ব কৰাত সফল হব পৰা নাই দৰং জিলা প্ৰশাসন তথা বনবিভাগ।

মনকৰিবলগীয়া যে, আজি পূৱা প্ৰায় ১০-৩০ বজাত মঙলদৈ এলএনবি ৰোডৰ ভাৰত পেট্ৰ’লিয়ামৰ সমুখত থকা প্ৰতিস্হিত নিৰ্মানকাৰী এগৰাকীৰ গধূৰ যান-বাহন সমূহ জমা ৰখা এটা কেম্পাচৰ জংঘলত ক’লা বৰণৰ প্ৰকাণ্ড বাঘ সদৃশ জন্তু এটাই আশ্ৰয় লৈ থকা স্হানীয়লোকে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰিবলৈ লয়। লগে লগে বনবিভাগক খবৰ কৰাত ১০/১৫ মিনিট পাছতে বিভাগীয় এটা দল আহি অনুসন্ধানত নামি পৰে। সেই সময়ত সংবাদকৰ্মী সহ বনবিভাগৰ দলটোৱে বিষয়টো অনুসন্ধান কৰি কোনো শুংসূত্ৰ নাপালে। অৱশ্যে বিভাগটোৰ টংকেশ্বৰ শৰ্মা নামৰ বন সুৰক্ষাকৰ্মী এজনে ওখ দেৱাল বগাই দূৰৈত প্ৰকাণ্ড ঘোং এটা প্ৰত্যক্ষ কৰে।

দুৰ্ভাগ্যৰ বিষয় যে, ইতিমধ্যে খাপপিতি ৰৈ থকা ঘোংটোৱে শৰ্মাবগ যদিও হঠাৎ জংঘলৰ পৰা ওলাই ওখ দেৱাল বগোৱা দেৱাল খনলৈ জপিয়াই বন সুৰক্ষাকৰ্মী জনৰ কলাফুল আৰু আঠুৰ তলত কামুৰি একাংশ এৰুৱাই লৈ যায় আৰু লগে লগে শৰ্মা চলত বাগৰি পৰে। সংবাদকৰ্মীৰ দলটোৱে শৰ্মাক শুশ্ৰূষা কৰিবলৈ কাপোৰ মেৰিয়াই সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

উক্ত স্হানৰ পৰা সমবেত শতাধিক লোক লগে লগে ভয়ত পলায়ন কৰে আৰু ৩০ মিনিট মান সময় শূণ্যতা বিৰাজ কৰে। কিন্তু, দিনৰ ১২ মান বজাত ঘোংটোৱে স্হান সলনি কৰি উক্ত স্হানৰ উত্তৰ দিশৰ আন এটা পৰিয়ালত আক্ৰমণ কৰে। বাহিৰত খেলি থকা মৃন্ময় ডেকা নামৰ ৯ বছৰীয়া শিশুটিক ভৰিৰ কলাফুলত কামুৰি ধৰে যদিও ঘৰৰ পৰিয়ালে দা, ষাঠি লৈ ওলাই অহাত পলায়ন কৰে। পলায়ন কৰা ঘোংটো সমীপৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্চাৰী বিদ্যালয়ৰ কেম্পাচৰ দিশে দৌৰ মাৰে। তাৎক্ষণিকভাৱে হিংস্ৰ জন্তুটো প্ৰত্যক্ষ কৰি শিক্ষয়িত্ৰী এজনীয়ে দুৱাৰ মাৰি দিয়ে আৰু বিদ্যালয়ৰ কৰিডৰ এটাৰে দৌৰি ঘোঙে প্ৰৱেশ কৰে লাচিত নগৰৰ উত্তৰ দিশৰ অন্য এক জংঘলত।

ইতিমধ্যে ঘোঙৰ আক্ৰমণৰ বিষয়ে বনবিভাগে জিলা প্ৰশাসনক অৱগত কৰাত এগৰাকী দণ্ডাধীশ সহ দুগৰাকী আৰক্ষী উপ-অধীক্ষক, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ দুজনকৈ উপ-পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ঘোংটো গুলিয়াবলৈ টেঙাবাৰীত উপস্হিত হয়। সমান্তৰালভাৱে ট্ৰেংকুলাইজড কৰিবলৈ গুৱাহাটীৰ চিৰিয়াখানাৰ এটা দল মাতি পঠিওৱা হয়। কিন্তু, প্ৰশাসন-আৰক্ষীৰ যুদ্ধকালীন তৎপৰতাৰ মাজতে ঘোঙৰ অন্য এক চিকাৰ হয় অনন্ত ডেকা নামৰ টেলিপাৰাৰ যুৱক এজন। অনন্তৰ মূৰত ঘোঙৰ হাতোৰাই আচুৰি নিয়াত গুৰুতৰভাৱে আহত হয়। আহত অনন্তক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আবেলি ৪ বজাৰ পৰা এই পৰ্যন্ত নিৰন্তৰ বনবিভাগৰ সহযোগত ট্ৰেংকুলাইজড কৰিবলৈ চেষ্টা চলাই থকা হৈছে। কিন্তু ক’লা বৰণৰ হিংস্ৰ জন্তুবিধ আন্ধাৰৰ বাবে অৱস্হান চিনাক্ত কৰাটো কঠিন হৈ পৰিছে। যদিহে কৌশলৰে ট্ৰেংকুলাইজড কৰাত সফল নহয়, তেন্তে নিশালৈ সাধাৰণ জনতা নিজ গৃহত আৱদ্ধ থকাৰ গত্যন্তৰ নাথাকিব।

You might also like