নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বস্ত ৰিপুণৰ পদত্যাগঃ লুৰিণ তিনি মন্ত্রীসহ বহু হেভীৱেটৰ পৰাজয়

নিয়মীয়া বাৰ্তা, ৩ মে’:  দেওবাৰে ফলাফল ঘোষিত অসম বিধানসভা নির্বাচনত বহু হেভীৱেইট প্রার্থী পৰাজিত হৈছে৷ পৰাজয়বৰণ কৰা হেভীৱেইট প্রার্থীসকলৰ ভিতৰত অন্যতম হৈছে বি পি এফৰ তিনি মন্ত্রী ক্রমে চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম আৰু ৰিহণ দৈমাৰী৷ সেইদৰে বি পি এফৰ তিনিটাকৈ কার্যকালৰ বিধায়ক কমলছিং নার্জাৰীও এইবাৰ নির্বাচনত পৰাজয়ৰ সন্মুখীন হয়৷

আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা এইবাৰ বিধানসভা নির্বাচনত পৰাজয়বৰণ কৰে৷ গহপুৰ সমষ্টিত সভাপতি বৰাই পৰাজয়বৰণ কৰাৰ লগতে দলৰ বিপর্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ফলাফল ঘোষণাৰ পাছতেই বৰাই প্রদেশ কংগ্রেছৰ সভাপতি পদ ত্যাগ কৰে৷ এই সম্পর্কত তেওঁ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ–পত্র প্রেৰণ কৰে৷

আনহাতে, প্রাক্তন কংগ্রেছী মন্ত্রী প্রণতি ফুকন, বিস্মিতা গগৈ, এতোৱা মুণ্ডা, শুকুৰ আলী আহমেদ, এ আই চি চিৰ সম্পাদক ভূপেন কুমাৰ বৰা, ৰাণা গোস্বামীয়েও এইবাৰ পৰাজয়বৰণ কৰে৷

সেইদৰে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টি দুটাৰ পৰা নির্বাচনত অৱতীর্ণ হয় যদিও দুয়োটা সমষ্টিতে তেওঁ শোচনীয়ভাৱে পৰাজয়বৰণ কৰে৷ দুয়োটা সমষ্টিতে তেওঁ তৃতীয় স্থানতহে থাকে৷ একেদৰে দলটোৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকায়ো শোচনীয়ভাৱে পাটাছাৰকুছি সমষ্টিত পৰাজয়বৰণ কৰে৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞায়ো শদিয়া সমষ্টিত পৰাজয়ৰ সন্মুখীন হয়৷

সেইদৰে বিজেপিৰ অন্যতম নেত্রী আঙুৰলতা ডেকাই বটদ্রৱা সমষ্টিত কংগ্রেছ প্রার্থীগৰাকীৰ হাতত শোচনীয়ভাৱে বিপর্যস্ত হয়৷ অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰো এইবাৰৰ নির্বাচনত পৰাজয়বৰণ কৰে৷ অগপৰ অন্যতম সাধাৰণ সম্পাদক তথা দলটোৰ প্রতিষ্ঠাপক নেতা ডাঃ কমলা কলিতা এইবাৰ নির্বাচনত পৰাজয়ৰ সন্মুখীন হয়৷

আনহাতে, অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চায়ো এই নির্বাচনত শোচনীয় ফল প্রদর্শন কৰে৷ দলটোৰ তৰফৰ পৰা দিছপুৰ আৰু বোকাখাত সমষ্টিত মহাজোঁটৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়ায় যদিও দুয়োগৰাকী প্রার্থীয়ে শোচনীয়ভাৱে পৰাজয়বৰণ কৰে৷ সেইদৰে নৱগঠিত আন এক আঞ্চলিক দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰে যদিও দলটোৰ আন কোনো প্রার্থীয়ে বিজয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷

You might also like