নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ‘সীমান্ত চেতনাৰ বাবে মাৰাথন’ শীৰ্ষক দৌৰ

নিয়মীয়া বাৰ্তা, ২২ জুলাই : অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিকৰ বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি কাইলৈ ধুবুৰীত সংগঠনটোৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত এক মাৰাথন দৌৰৰ আয়োজন কৰা হৈছে। “সীমান্ত চেতনাৰ বাবে মাৰাথন” শীৰ্ষক দৌৰ কাইলৈ পুৱা ৬ বজাত ধুবুৰীৰ শ্মশান কালী মন্দিৰৰ সন্মুখৰ পৰা আৰম্ভ হৈ সংগঠনটোৰ বালুৰচৰস্থিত কাৰ্যালয় সীমান্ত ভৱনত সমাপ্তি ঘটিব বুলি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটীয়ে জনাইছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like