মাৰ্ঘেৰিটাৰ খাময়াং ভাষাৰ পণ্ডিত দেবেন চাউলিক আৰু নাইঃ দল সংগঠনৰ শোক প্ৰকাশ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ- এজন ব্যক্তিৰ মৃত্যুৱে বহু সময়ত সমাজ তথা জাতিটোৰ বাবে অপূৰণীয় ক্ষতি কৰে। তেনে এজন ব্যক্তি খাময়াং জনগোষ্ঠীৰ ভাষা লেখিব-পঢ়িব পৰা, যিটো ভাষা ইতিমধ্যে ইউনেস্কই দুষ্প্ৰাচ্য ভাষা ৰূপে উল্লেখ কৰিছে, ধৰ্মপ্ৰাণ ব্যক্তি, পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ এজন সক্ৰিয় সদস্য, মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈ মুখ গাঁওখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা, অঞ্চলটোৰে এজন বয়োজ্যেষ্ঠ খাময়াং ভাষা পণ্ডিত দেবেন চাউলিক(৮৪) বয়সত মঙলবাৰে নিশা প্ৰায় ১০ বজাত পৰলোকপ্ৰাপ্ত হয়। বাৰ্ধক্যজনিত কাৰণত তেখেতে ইহসংসাৰ ত্যাগ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। তেখেতৰ মৃত্যুত অসমৰ টাই খাময়াং জনগোষ্ঠীতো শোকৰ ছাঁ পৰিছে। আজি বিয়লি মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈ মুখ গাওঁত তেখেতৰ শেষকৃত্য কৰা হয়। তেখেতৰ মৃত্যুত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন, অষ্ট্ৰেলিয়াৰ ভাষাবিদ ষ্ট্ৰিফ্ৰন ম’ৰে, বিশিষ্ট লেখক ৰাজীৱ নিংখী, ভাষাবিদ ডা° পলাশ কুমাৰ নাথা, ভিতৰ পাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেন, আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, সাংবাদিক মানস প্ৰতিম গগৈ, পাৱৈমুখ জনজাতি এ মি স্কুল, পাৱৈমুখ নগাওঁ প্ৰাথমিক বিদ্যালয় , পাৱৈমুখ এল পি স্কুল, মিৰিকা মাজুলি এল পি স্কুল, পাৱৈমুখ বৌদ্ধ বিহাৰ পৰিচালনা সমিতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা দ্বীপতি কোঁৱৰকে আদি কৰি স্থানীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে চাউলিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ যে দেবেন চাউলিক মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ শহুৰ দেউতা।
প্ৰেৰক মানস প্ৰতিম গগৈ