নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে শপতবাক্য পাঠ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ- মাৰ্ঘেৰিটা পৌৰসভা সভাকক্ষত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সহ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই আজি পদেন সদস্য হিচাপে শপত বাক্য পাঠ কৰে। মাৰ্ঘেৰিটা মহকুমা দণ্ডাধিশৰ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তথা বিধায়ক ভাস্কৰ শৰ্মাই শপত বাক্য পাঠ কৰে। আজিৰ কাৰ্যসূচীত মাৰ্ঘেৰিটা পৌৰসভাত আটাইকেইটা ৱাৰ্ডৰ , ৱাৰ্ড মেম্বাৰ সকল উপস্থিত থকাৰ লগতে পৌৰসভাৰ কৰ্মচাৰীসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী ব্যস্ত থকাৰ বাবে শপত বাক্য গ্ৰহণ কৰাত কিছু পলম হ’ল বুলি কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে সংবাদমাধ্যমৰ আগত উল্লেখ কৰাৰ লগতে মাৰ্ঘেৰিটা পৌৰসভাৰ অনাগত দিনত হ’ব লগা বিভিন্ন উন্নয়নমূলক কাজ কাজ সমূহ হুচাৰো ৰূপে ৰূপায়নৰ বাবে আহ্বান জনায়।
প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like