নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা পৌৰসভা বিজেপিৰ দখলত

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ মাৰ্ঘেৰিটা পৌৰসভাৰ ১০টা ৱাৰ্ডতে বৃহৎ ব্যৱধানত বিজেপি-অগপ প্ৰাৰ্থীৰ জয়লাভ। পৌৰসভাটোত ৯টা ৱাৰ্ডত বিজেপি আৰু এটা ৱাৰ্ডত অগপই প্ৰতিদ্বন্ধিতা আগবঢ়াইছিল। বিজয়ী প্ৰাৰ্থীসকল হ’ল ক্ৰমে ১নং ৱাৰ্ড সত্য ৰঞ্জন বৰকাকতী, ২ নং ৱাৰ্ড ৰাজশ্ৰী দেৱী গগৈ, ৩নং ৱাৰ্ড অনিল গগৈ ( অগপ ), ৪নং প্ৰণামী সোণোৱাল, ৫নং ভীম কৰ্মকাৰ, ৬নং আনন্দ কুমাৰ শৰ্মা, ৭নং পিংকী দে , ৮নং আশিস পাল, ৯নং ৱাৰ্ড মণি দত্ত আৰু ১০নং ৱাৰ্ড সমিতা দেৱ। আজি পুৱা মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ৫২টা ইভিম মেচিনত থকা ভোট গণনা কৰা হয়। প্ৰায় ডেৰ ঘণ্টাতে অন্ত পৰা ভোট গণনাত বিপুল পৰিমাণৰ ভোট লাভ কৰি বিজেপি অগপ মিত্ৰ দলে ১০টা ৱাৰ্ডতে জয় লাভ কৰিবলৈ সক্ষম হয়। দুৰ্ভাগ্যজনকভাৱে বিৰোধীয়ে এটা বুথটো জয় লাভ কৰিব নোৱাৰি মুখথেকেচা খায়। মাৰ্ঘেৰিটা পৌৰসভাৰ মুঠ ভোটাৰ সংখ্যা ২৩৯৯০টা। তাৰে ভিতৰত ৬৩.৮৭% ভোটদান হৈছিল। ফলাফল ঘোষণাৰ পাছতেই মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই এইয়া উন্নয়নৰ জয় বুলি কয়। লগতে কয় এতিয়াৰ পৰা সংবাদ মাধ্যম হে বিৰোধীৰ কাম কৰিব লাগিব। পৌৰসভাৰ প্ৰতিটো কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। যিহেতু বিৰোধী শূন্য। বিশেষকৈ পৌৰসভা এলেকাধীন অঞ্চলৰ খোৱা পানী,নলা নৰ্দমা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে। অন্যহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নীতি-আদৰ্শ সাৰোগত কৰি কৰ্ম কৰি যাব মাৰ্ঘেৰিটাৰ বিজেপি প্ৰতিজন বিজয়ী প্ৰাৰ্থীয়ে এইবুলি ১০গৰাকী বিজয়ী প্ৰাৰ্থী সংবাদমাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰে। এইবাৰ পৌৰসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান আছিল সমাজৰ সচেতন ব্যক্তিসকল এইবাৰ পৌৰ নিৰ্বাচনত আগবাঢ়ি আহিব লাগে। তেনে এজন ব্যক্তি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক তথা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰকাকতী এইবাৰ মাৰ্ঘেৰিটা ১নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছে।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like