নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ভুমিনীতিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ এটা সজাতি দলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত দিছপুৰত অসমৰ জনতায়ে আসন দিছিল সোনোৱাল চৰকাৰক। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, এই চৰকাৰ খনে খিলঞ্জীয়াক সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। কিয়নো, শেহতীয়াকৈ ৰাজ্যিক কেবিনেটৰ অনুসৰি অসমৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি বহিৰাগত বণিকগোষ্ঠীক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰ এই সিদ্ধান্তক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছে লগতে খিলঞ্জীয়া বিৰোধ নীতি হিচাপে গন্য কৰিছে। তদুপলক্ষে, এনে খিলঞ্জীয়া বিৰোধ ভূমি নীতি বাতিল কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ পৰা মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰেৰণ কৰে।

You might also like