নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও ৰ হোমিওপেথি চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ দ্বাৰা অংগনৱাদি কৰ্মীৰ মাজত ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক ঔষধ বিতৰণ

নিয়মীয়া বাৰ্তা ১১ মেঃ ক’ৰোনাক ৰ দ্বাৰা সমগ্ৰ বিশ্ব আক্ৰান্ত হৈ থকা সময়ত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰয়োজন হৈ পৰিছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো । হোমিওপেথি চিকিৎসা শাস্ত্ৰত এনে বহু ঔষধ আছে যাৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগাব পাৰে। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয় অনুমোদন ক্ৰমে ভাৰতৰ বিভিন্ন অঞ্চলত পঞ্জীয়ন ভুক্ত হোমিওপেথি চিকিৎসকে এবিধ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক ঔষধ বিতৰণ কৰিছে। মৰিগাঁওতো বিশিষ্ট হোমিওপেথি চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে মৰিগাঁও জিলাৰ ক’ৰোনা যুদ্ধত সন্মুখৰ পৰা কৰ্মত জড়িত হৈ থকা অংগনৱাদি কৰ্মী সহায়িকা সকলৰ মাজত আজি ভোৰবন্ধাত পঞ্চাশ হাজাৰ এনে ঔষধ বিতৰণ কৰে। উক্ত অনুষ্ঠান ত উপস্থিত থাকি মৰিগাঁও জিলা সমাজ কল্যান বিষয়া দেৱজিত বৰা আৰু ভুৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সন্তোষ কুটুম উপস্থিত থাকি চিকিৎসক জনৰ এই প্রদক্ষেপৰ শলাগ লৈ।

You might also like