ইন্ধন বিহীন কঠিয়া ৰোপণ যন্ত্ৰ উদ্ভাৱনেৰে ক্ষুদ্ৰ কৃষকলৈ আশাৰ বতৰা কঢ়িয়াইছে মৰিগাঁৱৰ যুৱ কৃষক উদ্ধৱ দেউৰীয়ে
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ এগৰাকী মৰিগঁঞা যুৱ কৃষকৰ উদ্ভাৱনী শক্তিয়ে ৰাজ্যখনৰ ক্ষুদ্ৰ কষক সকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।এটা ইন্ধন বিহীন কঠিয়া ৰোপণ যন্ত্ৰ সাজি কৃষি ক্ষেত্ৰখনত সংযোজন ঘটোৱা যুৱ কৃষক জনৰ নাম উদ্ধৱ দেউৰী।দেউৰী এগৰাকী কৃষক হোৱাৰ উপৰিও এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে সমগ্ৰ জিলাখনত সুনাম আছে।মৰিগাঁও জিলাৰ ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত দীঘলবড়ী গাঁৱৰ এই গৰাকী যুৱ কৃষকে বৰ্তমান সাজি উলিয়াইছে ইন্ধন বিহীন এটি ক্ষুদ্ৰ ধানৰ কঠিয়া ৰোপণ যন্ত্ৰ।এই বিধ যন্ত্ৰৰে কৃষক সকলে পথাৰত শাৰী শাৰীকৈ ধানৰ কঠিয়া বোৰ ৰোপণ কৰিব পাৰিব।এবাৰত চাৰিটা শাৰীকৈ ৰোপণ কৰিব পৰা যন্ত্ৰটো পেলনীয়া লোৰৰ টুকুৰা, টিন,চাইকেলৰ চেইন, ফেবুল আদিৰে নিৰ্মাণ কৰিছে।যুৱ কৃষক উদ্ধৱ দেউৰীয়ে জনোৱা মতে,ক্ষুদ্ৰ আকৃতিৰ এই যন্ত্ৰটো কৃষক এজনে যাতে সহজে ইডৰা মাটিৰ পৰা সিডৰা মাটিলৈ দাঙি লৈ যাব আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ক্ষুদ্ৰ অভাৱগ্ৰস্ত কৃষক সকলে এবাৰ ক্ৰয় কৰি লোৱাৰ পাছত ৰোৱণীৰ বাবে মূলধন বা ৰোৱনীৰ অভাৱ অনুভৱ কৰিব নালাগে।ইফালে এই যন্ত্ৰটো সাজি উলিয়ালৈ মাত্ৰ তিনিৰ পৰা চাৰি হাজাৰ টকা ব্যয় হৈছে।উল্লেখযোগ্য যে দেউৰীয়ে নিজে এগৰাকী ক্ষুদ্ৰ কৃষক হিচাপে প্ৰতি বছৰে শালি আৰু বৰো ধানৰ বতৰত ৰোৱণীৰ বাবে মূলধন আকৌ কেতিয়াবা টকা কেইটামান যোগাৰ হলেও ৰোৱনীৰ অভাৱত ভুগি আহিছে।সেয়েহে তেওঁ যোৱা ডেৰ বছৰে এই বিষয়টোত একান্তপটীয়াকৈ চেষ্টা চলাই আহিছিল আৰু ডেৰ বছৰীয়া প্ৰচেষ্টাৰ অন্তত সাজি উলিওৱা যন্ত্ৰটোৰে এইবেলি শাওণৰ বতৰত পৰীক্ষামূলকভাৱে নিজৰ পথাৰতে শালি ধানৰ কঠিয়া ৰোপণ কৰিছে।তেওঁ কোৱা মতে,এই যন্ত্ৰটোত কোনো ইন্ধনৰ প্ৰয়োজন নাই, কেৱল কৃষক জনে নিজেই পথাৰৰ বোকা মাটিত শাৰী শাৰীকৈ কঠিয়া ৰোপণ কৰি যাব পাৰিব আৰু এদিনত দুইৰ পৰা তিনি বিঘা পৰ্য্যন্ত মাটিত ধানৰ কঠিয়া ৰোপণ কৰিব পাৰিব।অৱশ্যে এই যন্ত্ৰটোৰ বাবে কৃষকে বেড পদ্ধতিত ধানৰ বীজ সিঁচিব লাগিব আৰু এই কঠিয়া বোৰকে যন্ত্ৰটোৰ জৰিয়তে ৰোপণ কৰা হয়। এই ইন্ধন বিহীন যন্ত্ৰটোৰ জৰিয়তে অকল মৰিগঁঞা বুলি নহয় ৰাজ্যখনৰ সকলো ক্ষুদ্ৰ আৰু অভাৱগ্ৰস্ত কৃষক সকল উপকৃত হব বুলিও যন্ত্ৰটোৰ উদ্ভাৱক তথা যুৱ কৃষক গৰাকীয়ে আশা প্ৰকাশ কৰিছে।