নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ৫ জুনঃ অসমৰ এক অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ দ্বাৰা জিলা সমিতিৰ অন্তৰ্গত জাগীভকতগাঁও আঞ্চলিক সমিতিৰ আমন্ত্রণ মৰ্মে জাগীভকতগাঁও অঞ্চলত ৫ জুন বিশ্ব পৰিবেশ দিৱসটো উদযাপন কৰা হয়। পৰিষদৰ জিলা সমিতিৰ সভাপতি দ্বীপজ্যোতি বৈশ্য আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পিংকু মহন্তৰ নেতৃত্বত জাগীভকতগাঁও আঞ্চলিক সমিতিৰ সভাপতি বিমল হাজৰীকা আৰু সাধাৰণ সম্পাদক প্ৰাৰ্থপ্ৰতীম বৰদলৈৰ লগতে আঞ্চলিকৰ সমূহ বিষয়ববীয়াৰ ব্যবস্থাপনাত জাগীভকতগাঁওত পুৱা ৯.৩০ বজাৰ পৰা দিনজোৰা কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। কাৰ্য্যসূচীত উপস্থিত থাকে জিলাখনৰ আগশাৰী প্ৰকাশক সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰী অজিত কুমাৰ ৰায় ,অসম সত্ৰ মহাসভাৰৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক ক্ষীৰোদ গোস্বামী, তিৱা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সভাপতি ৰত্নেশ্বৰ দেউৰী, আৰু সমাজকৰ্মী হেমা ইংতিপি ফুকন।
কাৰ্য্যসূচীত উপস্থিত থাকি পৰিষদৰ জিলা সমিতিৰ সভাপতি বৈশ্যই মন্তব্য কৰে যে, জিলা সমিতিৰ নিৰ্দেশ মৰ্মে পৰিষদৰ প্ৰত্যেকখন আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাগীভকতগাঁও আঞ্চলিক সমিতিক পুনৰবাৰ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে। লগতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে মন্তব্য কৰে যে আমি এই বৃক্ষৰোপন কাৰ্য্যসূচীতে সীমাবদ্ধ নাথাকি গছপুলিটোৰ যতন লোৱাতো অতিকৈ আবশ্যক। গছ থাকিলেহে মানুহ থাকিব। মানুহ থাকিলেহে সংস্কৃতি থাকিব। সংস্কৃতি অবিহনে আমাৰ অস্তিত্ব বিপদাপন্ন।

You might also like