মৰিয়নিত লকডাউন ভাঙি ৰাজপথত ৰাইজ
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ দেশত লকডাউন ভংগ হোৱা নাই। কিন্তু যোৰহাট জিলাৰ মৰিয়নী নগৰত এক অভূতপূর্ব দৃশ্য দেখিবলৈ পোৱা গ’ল শনিবাৰে। শনিবাৰে পুৱাই জাকে জাকে বহু লোক পথলৈ ওলাই আহে। দৰাচলতে একাংশ ইলেকট্র’নিক সংবাদ মাধ্যমত কেন্দ্রীয় চৰকাৰৰ মুখ্য সচিবৰ উদ্ধৃতি দি কালিৰ পৰা ৰে’ডজ’নৰ বাদে বাকী সকলো অঞ্চলৰ দোকান–পোহাৰ খোলা হ’ব বুলি বাতৰি প্রচাৰ হোৱাৰ পিছতেই এইদৰে ৰাইজ ওলাই আহে৷ আনিক কেইবাজনো দোকানীয়ে নিজৰ দোকান সমূহ খুলিবলৈ লয়। আনকি শাক–পাচলিৰ ব্যৱসায়ীয়েও পথৰ দাঁতিতেই বহি শাক–পাচলি বিক্রী কৰে। তাতে আকৌ একাংশই কোনো ধৰণৰ সামাজিক দূৰত্ব তথা মাস্ক পৰিধান নকৰা দেখা গ’ল। অৱশেষত মৰিয়নিৰ আৰক্ষী আৰু অর্ধসামৰিক বাহিনী আহি পৰিস্থিতি নিয়ন্ত্রণ কৰে।