মৰিয়নিত উবুৰি খাই পৰিছে কেন্দ্র–ৰাজ্যৰ মন্ত্রী–সাংসদ, বিধায়ক
বিজেপিৰ চমকপ্রদ প্রচাৰৰ বিপৰীতে স্তিমিত কংগ্রেছ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ মৰিয়নি সমষ্টিৰ উপ–নির্বাচন এতিয়া ৰাজ্যৰ ভিতৰতে আকর্ষণীয় হৈ পৰিছে৷ প্রাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ দলৰ লগতে বিধায়ক পদ ত্যাগ কৰাৰ বাবে সমষ্টিটোত উপ–নির্বাচন অনুষ্ঠিত হৈছে৷ অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনত সমষ্টিটোত ১,২৪,২৮২জন ভোটাৰে নির্ণয় কৰিব নির্বাচনী যুঁজত নমা চাৰিগৰাকী প্রার্থীৰ ভৱিষ্যৎ৷ ইতিমধ্যে আটাইকেইটা দলেই নির্বাচনী প্রচাৰ জোৰদাৰ কৰি তুলিছে৷ অৱশ্যে নির্বাচনী প্রচাৰৰ দৌৰত এতিয়ালৈকে নিঃসন্দেহে আগবাঢ়ি আছে শাসনাধিষ্ঠিত বিজেপি৷ নির্বাচনৰ দিন ঘোষণাৰ পূর্বৰে পৰাই বিজেপিয়ে সমষ্টিটোত উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত প্রচাৰ অভিযান চলাই আহিছে৷
বিজেপিৰ দুই সাংসদ কামাখ্যাপ্রসাদ তাছা আৰু তপন কুমাৰ গগৈৰ নেতৃত্বত সমষ্টিটোৰ চুকে–কোণে ব্যাপক প্রচাৰ চলি আছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ইতিমধ্যে সমষ্টিটোত নির্বাচনী প্রচাৰ চলাই গৈছে৷ মৰিয়নি সমষ্টিৰ নির্বাচনৰ দায়িত্বত থকা মন্ত্রী পীয়ূষ হাজৰিকায়ো ইতিমধ্যে একাধিকবাৰ মৰিয়নিলৈ আহি প্রচাৰৰ ৰণনীতি যুগুতোৱাৰ লগতে বিজেপি কর্মীসকলক সংগঠিত কৰিছে৷ ৰাজ্যৰ শ্রমমন্ত্রী সঞ্জয় কিষাণে একপ্রকাৰ মৰিয়নিত বাহৰ পাতি চাহ বাগিচা অঞ্চলত সভা–সমিতি অব্যাহত ৰাখিছে৷ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়েও একেদিনাই চাৰিখনকৈ সভাত অংশগ্রহণ কৰি নির্বাচনী প্রচাৰ চলায়৷ অহা ২১ অক্টোবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা পুনৰ মৰিয়নিলৈ আহিব আৰু চাৰিখনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ২২ আৰু ২৫ অক্টোবৰত মৰিয়নিলৈ আহি মুঠ ৯খন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব বুলি দলীয় সূত্রই জানিবলৈ দিছে৷ সেইদৰে কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল অহা ২৬ অক্টোবৰত মৰিয়নিলৈ আহি ৬খনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ ইয়াৰ উপৰি বিধায়ক মৃণাল শইকীয়া, তেৰছ গোৱালা, কৃষ্ণকমল তাঁতী আদিয়েও সমষ্টিটোত বিজেপি প্রার্থী ৰূপজ্যোতি কুর্মীৰ হৈ নির্বাচনী প্রচাৰ চলাই আহিছে৷
বিজেপিৰ এনে জোৰদাৰ চমকপ্রদ প্রচাৰৰ বিপৰীতে কংগ্রেছ দলে সৰু সৰু সভাৰ জৰিয়তে ৰাইজৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু কংগ্রেছ প্রার্থী লোহিত কোঁৱৰ সমষ্টিবাসীৰ চিনাকি মুখ নোহোৱা হেতু ঠায়ে ঠায়ে দলটোৱে উজুটি খাবলগীয়া হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, কার্যকৰী সভাপতি ৰাণা গোস্বামী আদিয়ে নির্বাচনী প্রচাৰ চলাই যোৱাৰ পিছত সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, ৰিপুণ বৰা আদিয়ে প্রচাৰ চলাই আছে৷ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, সম্পাদক বিকাশ উপাধ্যায় আদিৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পুনৰ মৰিয়নিত প্রচাৰ অভিযান চলাব৷ মৰিয়নিত চাহ বাগিচাসমূহ কংগ্রেছৰ দুর্গ হিচাপে পৰিগণিত আছিল যদিও এইবাৰ পৰিৱেশ সম্পূর্ণ সুকীয়া হোৱাৰ সম্ভাৱনা আছে৷ ৰূপজ্যোতি কুর্মীৰ কংগ্রেছ ত্যাগে তচনচ কৰি থৈ যোৱা কংগ্রেছ দলটোৱে ভেটি পুনৰ টনকিয়াল কৰিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে৷
আনহাতে ৰাইজৰ দলেও সমষ্টিটোত নির্বাচনী প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ দলটোৰ সভাপতি বিধায়ক অখিল গগৈয়ে সমষ্টিটোত বিশেষ প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ গ্রামাঞ্চলত যথেষ্ট সঁহাৰি লাভ কৰা দেখা গৈছে৷ ৰাইজৰ দলৰ প্রার্থী সঞ্জীৱ গগৈ ৰাজনৈতিক মহলত চিনাকি হোৱা হেতু দলটোৱে কিছু সুবিধা লাভ কৰিছে যদিও তাৰ সুযোগ লোৱাত দলটো এতিয়াও সফল হোৱা নাই যেন অনুমান হয়৷ সেইদৰে সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা অসম সংগ্রামী মঞ্চৰ গোপাল ঘাটোৱাৰে প্রায় অকলেই নির্বাচনী প্রচাৰ চলোৱা দেখা গৈছে৷ যোৱা বিধানসভা নির্বাচনতো তেওঁ সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল যদিও শোচনীয়ভাৱে পৰাজিত হৈছিল৷ এইবাৰো তেওঁ বিশেষ প্রভাৱ পেলোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ বর্তমানলৈকে সমষ্টিটোত প্রচাৰ অভিযানত বিজেপি আগবাঢ়ি আছে৷ অনাগত দিনকেইটাত কংগ্রেছ, ৰাইজৰ দল, অসম সংগ্রামী মঞ্চই কিদৰে ৰাইজক আকর্ষণ কৰিবলৈ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব৷