নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীৰ বিবাহিত মহিলা সন্ধানহীন : ৰাজস্থানত বিক্ৰীৰ অভিযোগ স্বামীৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : মাজুলী জিলাৰ নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী আউটপোষ্টৰ অধীনস্থ মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ এগৰাকী বোৱাৰী ১৩ অক্টোবৰৰ সন্ধানহীন হৈ আছে। শ্ৰীলোহিত গাঁও পঞ্চায়তৰ মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ গাড়ী চালক বাবুল দাসৰ পত্নী ৰিজুমণি দাস ১৩ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে। অঞ্চলটোৰ অতি সচেতন মহিলা বুলি পৰিচিত ৰিজুমণি দাস গাঁওখনৰ মহিলা আত্মসহায়ক গোটৰো সম্পাদিকা। ঘটনাৰ তথ্য অনুসৰি যোৱা ১৩ অক্টোবৰত ৰিজুমণিয়ে শিৱসাগৰ সোণাৰীৰ লংপটীয়া, লাচিত স্কুলৰ সমীপৰ মাতৃ গৃহলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল। ১৩ অক্টোবৰত যোৰহাটত থাকি ১৪ অক্টোবৰত মাতৃ গৃহত পাব বুলি ৰিজুমণিৰ স্বামী বাবুল দাসে সোণাৰীৰ মাতৃগৃহত ফোন কৰি জনাইছিল। সোণাৰীত ৰিজুমণি দাসৰ জীয়েকো বিয়া হৈছে। বাবুল ৰিজুমণিৰ কণ্যা সন্তানসম্ভৱা। চলিত অক্টোবৰ মাহত কণ্যাৰ প্ৰসৱৰো দিন পৰাত ৰিজুমণি সোণাৰীলৈ বুলি ওলাই গৈছিল। কিন্তু তেওঁ সোণাৰীলৈ নগ’ল। ১৪ অক্টোবৰলৈকে সোণাৰীৰ মাতৃ গৃহত ৰিজুমণি গৈ নোপোৱাত মাতৃগৃহ আৰু স্বামী গৃহত হুৱাদূৱা লাগে। কিন্তু এক সপ্তাহৰ পাছত ৰাজস্থানত থকা মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ এজন যুৱকে ৰিজুমণিৰ স্বামী বাবুল দাসলৈ ৰাজুমণি ৰাজস্থানত মেহেন্দি লগাই বিয়া হোৱা ফটো প্ৰেৰণ কৰে। উক্ত, ফটো দেখি ৰিজুমণিৰ স্বামী বাবুল দাস, সোণাৰীৰ মাতৃ গৃহ আৰু ৰিজুমণিয়ে ঘৰত এৰি থৈ যোৱা সপ্তম শ্ৰেণীত পঢ়ি থকা একমাত্ৰ পুত্ৰ শোকত ভাগি পৰে। স্বামী বাবুল দাসে ৰিজুমণি বেলেগ পুৰুষৰ লগত বিয়া হোৱা বুলি বিশ্বাস কৰা নাই, সেয়ে, তেওঁ পত্নীক বিচাৰি চলাথ কৰি আছে। ৰিজুমণিৰ স্বামী বাবুল দাসে পত্নীৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত ইতিমধ্যে বালিচাপৰি আৰক্ষী আউত পোষ্টৰ লগতে কমলাবাৰী আৰক্ষী থানাত গোচৰ তৰিছে। স্বামী বাবুল দাসে তেওঁৰ পত্নীক ৰাজস্থানত দুষ্ট লোকৰ জৰিয়তে বিক্ৰী কৰা বুলি অভিযোগ কৰিছে। স্বামী বাবুল দাসে জনাইছে যে মাজুলীৰ কমলাবাৰীৰ মুক্তাপ্ৰসাদৰ ভাৰা ঘৰত সোণাৰীৰ দোকান দিয়া প্ৰজাপতি দেৱ নামৰ এজন মাৰোৱাৰী যুৱকৰ লগত ৰিজুমণিৰ চিনাকি আছিল। গোটৰ সম্পাদিকা হিচাপে বেংকলৈ সঘনে যোৱা ৰিজুমণিয়ে উক্ত সোণাৰীজনৰ দোকানত এটা আঙঠি বনোৱা বাবে চিনাকি হৈছিল। তাৰপিছত সঘনাই উক্ত মাৰোৱাৰী যুৱকজনৰ লগত ৰিজুমণিৰ সান্নিধ্য ঘন হৈ পৰে আৰু উক্ত যুৱকজনেই ৰিজুমণি ৰাজস্থানলৈ নি কাৰোবাক বিক্ৰী কৰা বুলি আজি পুনৰ অভিযোগ কৰিছে। ৰিজুমণিয়ে ৰাজস্থানত এজন ব্যৱসায়ীৰ লগত বিয়া হোৱা বুলি বাবুল দাসক মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ যুৱক জনে জনাই ফটো প্ৰেৰণ কৰিছে।  আনহাতে, ৰিজুমণিৰ স্বামীৰ এজন বন্ধু হায়দৰাবাদত কাম কৰি আছে। উক্ত, বন্ধুজনলৈ ৰিজুমণিয়ে ৰাজস্থানত থকা ম’বাইল লোকেশ্বন প্ৰেৰণ কৰিছে আৰু ৰিজুমণিক ৰাজস্থানত বন্দী কৰি থোৱা বুলি জনাইছিল আৰু সেই কথা তেওঁৰ স্বামী বাবুল দাসক জনাবলৈ কৈছে। স্বামী বাবুল দাসে কমলাবাৰী সোণাৰী প্ৰজাপতি দেৱৰ বিৰুদ্ধে অভিযোগ তুলি ৰিজুমণিক ৰাজস্থানত প্ৰজাপতি দেৱে বিক্ৰী কৰা বুলি অভিযোগ তুলি কমলাবাৰী আৰক্ষী থানাত গোচৰ তৰিছে। কমলাবাৰী আৰক্ষীয়ে প্ৰজাপতি দেৱৰ সন্ধান কৰিছে যদিও দেৱ পলাতক বুলি জানিবলৈ দিছে। সমগ্ৰ বিষয়টো অতি ৰহস্যময় হৈ পৰিছে। আনহাতে ৰিজুমণিৰ সপ্তম শ্ৰেণীত পঢ়ি থকা একমাত্ৰ পুত্ৰ মাতৃক বিচাৰি কান্দি কান্দি দুৰ্বল হৈ পৰিছে। স্বামী বাবুল দাসে ৰিজুমণিৰ সন্ধানহীনতাত ৰহস্যজনক বুলি জানিবলৈ দিছে আৰু ৰিজুমণিক ৰাজস্থানলৈ লৈ যোৱাত কমলাবাৰীৰ সোণাৰী প্ৰজাপতি দেৱ দোষী বুলিও দাবী কৰিছে। মাজুলীৰ পৰা বহিঃৰাজ্যলৈ লৈ যোৱা এগৰাকী মহিলা নিৰুদ্দেশ হৈ থকাত মাজুলীত চাঞ্চল্যৰ সৃষ্টি হৈছে। অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মহিলাগৰাকী উদ্বাৰৰ ক্ষেত্ৰত সহায় কৰিবলৈ ভুক্তভোগী পৰিয়ালটোৱে মুখ্যমন্ত্ৰীক কাতৰ প্ৰাৰ্থনা জনাইছে। ‌কোনো লোকে ৰিজুমণিৰ সন্ধান পালে স্বামী বাবুল দাসৰ ফোন নম্বৰ ৯৩৮৭৭ ৭০৯৪১ ফোন নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like