নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি বছৰীয়া সন্তানসহ বোৱাৰীক পলুৱাই নিলে দুই সন্তানৰ পিতৃয়ে

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃগোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহিমেলীয়াত এগৰাকী ৩০ বছৰীয়া বোৱাৰীক তেওঁৰ চাৰি বছৰীয়া পুত্ৰ সন্তানসহ স্থানীয় এজন বিবাহিত দুই সন্তানৰ পিতৃয়ে পলুৱাই নিয়া এক ঘটনা সংঘটিত হৈছে।ঘটনাৰ বিৱৰণী জানিব পৰা মতে ২নং মাহিমেলীয়া গাঁৱৰ বাসিন্দা সৰ্বানন্দ বৰুৱাৰ পত্নী পৰী সোণোৱাল বৰুৱা(৩০)ক চাৰি বছৰীয়া পুত্ৰ সন্তানসহ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত প্ৰতিৱেশী তথা গুৱাল জান গাঁৱৰ ধন বৰাৰ পুত্ৰ দুই সন্তানৰ পিতৃ পাপুল বৰা(৩২)ই পলুৱাই নি কোনো অজ্ঞাত স্থানত আত্মগোপন কৰে।সেই সময়ত পৰীৰ স্বামী সৰ্বানন্দ বৰুৱা এজন আলহীৰ লগত স্থানীয় দোকান এখনলৈ গৈছিল।সন্ধিয়া প্ৰায় ৭ বজাত পৰী সোণোৱাল বৰুৱাই পাপুল বৰালৈ পলায় অহা বুলি স্বামী সৰ্বানন্দক এচ এম এচ যোগে অৱগত কৰে।তেওঁ দোকানৰ পৰা ঘূৰি আহি পত্নী আৰু সন্তানক নেদেখাত হুৱা-দুৱা লাগে।পৰী সোণোৱালে স্বামী গৃহৰ পৰা সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে নগদ ১৩ হাজাৰ টকা লৈ যোৱা বুলিও সৰ্বানন্দ বৰুৱাই জানিবলৈ দিছে।ঘটনাৰ সন্দৰ্ভত সৰ্বানন্দ বৰুৱাই ঘিলাধাৰী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে।পাপুল বৰাৰ এটি আঠ বছৰীয়া আৰু ডেৰ বছৰীয়া দুই পুত্ৰ সন্তানৰ পিতৃ।ঘটনাটো ৱে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

You might also like