নিয়মীয়া বাৰ্তা ৮ মেঃ ক’ৰোনাৰ বিষম পৰিস্থিতিৰ মাজতে এটি আমোদজনক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ওদালগুৰি জিলাৰ। ওদালগুৰি জিলাৰ এজন লোকৰ স্বাস্থ্যৰ অলপ অৱনতি হোৱাত স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ ঔষধ বিচাৰি গৈছিল । তেতিয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত থকা নাৰ্ছ গৰাকীয়ে কোভিড মহামাৰী হৈ থকাৰ পৰিক্ষেতিত মানুহজনক মাস্ক পৰিধান কৰিবলৈ ক’লে তাৰ পিছত হে ঔষধ কিনিবলৈ পৰামৰ্শ দিছিল । কাৰণ মানুহ জনে মাস্ক পৰিধান কৰা নাছিল । তাৰ পিছত মানুহজনে স্থানীয় বজাৰলৈ গ’ল আৰু মাছ কিনি লৈ আহিল । কাৰণ মানুহজনে মাস্কৰ কথা কওঁতে মাছ বুলিহে ভাবিছিল । যাৰ পৰিপেক্ষিতত এই আমোদজনক ঘটনা সংঘটিত হ’ল।