নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম লিগেল ছাৰ্ভিছেচ অথৰিটি আৰু ‘আৰণ্যক’ ৰ উদ্যোগত গুৱাহাটী চিৰিয়াখানাত মাস্ক বিতৰণ

গুৱাহাটী, ১৬ মে: ক’ৰোনা মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা জটিল পৰিস্থিতিয়ে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰিছে । বিশ্বৰ প্ৰায়বোৰ দেশতে মানৱসমাজক আৱদ্ধ কৰি ৰখাৰ মাজতো জৰুৰী কামবোৰ মানুহে চলাই নিবলৈ যত্নপৰ হৈছে । এতিয়া এই অতি সংক্ৰামক ভাইৰাছবিধৰ সমান্তৰালভাৱে দৈনন্দিন কামবোৰ চলাই নিবলৈ পৰস্পৰে সহযোগিতাৰ মনোবৃত্তিৰে আগবাঢ়ি যোৱাটেই উত্তম বুলি বিবেচিত হৈছে ।

এই দৃষ্টিভংগীকেই আগত ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী বেচৰকাৰী সংগঠন ‘আৰণ্যক’ৰ তৰফৰ পৰা সামৰ্থ্য অনুসৰি ভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা লৈছে । এই প্ৰচেষ্টাৰ অংশ হিচাপে ‘আছাম লিগেল ছাৰ্ভিছেচ অথৰিটি’ আৰু ‘আৰণ্যক’ ৰ যুটীয়া উদ্যোগত শুকুৰবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ ৫০০ কাপোৰৰ মাস্ক প্ৰদান কৰা হয় । সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনানুষ্ঠানিকভাৱে অনুষ্ঠিত এক অনুষ্ঠানত চিৰিয়াখানাৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হাতত থলুৱাভাৱে প্ৰস্তুত কৰা এই মাস্কসমূহ অৰ্পণ কৰা হয় ।

অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আছাম লিগেল ছাৰ্ভিছ অথৰিটিৰ কাৰ্যনিৰ্বাহক অধ্যক্ষ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কতিস্বৰ চিংয়ে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে । এই অনুষ্ঠানত ‘আছাম লিগেল ছাৰ্ভিছ অথৰিটি’ৰ সদস্য সচিব নয়ন শঙ্কৰ বৰুৱা, ডিএফ অ’ টেজছ মৰিস্বামী, আৰণ্যকৰ সচিব প্ৰধান ড. বিভৱ কুমাৰ তালুকদাৰ লগতে মানস ভট্টাচাৰ্য আৰু জয়ন্ত পাঠক উপস্থিত থাকে । লগতে জিলা আৰু সত্ৰ ন্যায়াধীশ, মিচ. মিতালী ঠাকুৰীয়া, এদিজে মিচ. মল্লিকা দত্ত ,এ এছ এল এছ এ ৰ উপসঞ্চালক, মিচ. ত্ৰিপ্তী আৰি আৰু আন্দাৰ চেক্ৰেটেৰী মিচ. আয়ুশ্ৰী শ্ৰবনো এই অনুষ্ঠানত উপস্থিত থাকে।

You might also like