নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংৰিজানত একেলগে বিবাহত বহিল ১০৩ যোৰা দৰা-কইনা

বিশেষ বাৰ্তা, সোণাৰি, ১২ মেঃ চৰাইদেউ জিলাৰ মাহমৰা খুমটাই গাঁও পঞ্চায়তবাসী আৰু হিংৰিজানবাসী ৰাইজৰ সহযোগত হিংৰিজানৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কালি একেলগে ১০৩ যোৰা দৰা-কইনাৰ বিবাহ অনুষ্ঠিত হয়। এই বিবাহ সংস্কাৰ অনুষ্ঠানটো সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে সম্পূৰ্ণ কৰা হয়। খুমটাই, হিংৰিজানৰ লগতে বিভিন্ন গাঁৱৰ লোকে এই বিবাহকাৰ্যত অংশগ্ৰহণ কৰে। ২১ বছৰৰ পৰা ৬০ বছৰ বয়সৰ লোকে এই বিবাহ সংস্কাৰ অনুষ্ঠানত ভাগ লয়। তেওঁলোকৰ একাংশই জানিবলৈ দিয়া অনুসৰি আৰ্থিক সংকটৰ বাবে বিবাহ সংস্কাৰ কৰিব পৰা নাছিল। তেওঁলোকৰ বিবাহ সংস্কাৰ বাবে বস্ত্ৰ আৰু আ-অলংকাৰ সমূহ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।তেওঁলোকে যাতে সমাজত সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবেই ৰাইজে এই পদক্ষেপ লয়।

You might also like