নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপপ্রচাৰ যিমানেই চলাব সিমানেই মোৰ পক্ষত আহিব ৰাইজ

কচুগাঁও–বিজনীত হাগ্রামা মহিলাৰীৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ  বিটিচি নির্বাচনৰ অচিলা লৈ ৰাজ্যৰ বিত্ত–শিক্ষা–স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বিটিচি অঞ্চলত সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাব চেষ্টা কৰি থকাৰ লগতে বড়ো জাতিক ধবংস কৰাৰ কুটিল ষডযন্ত্র কৰি আছে৷ বিটিচি নির্বাচনত বিজেপিয়ে আৰক্ষী–প্রশাসনক ব্যৱহাৰ কৰি আছে৷ ভোটগ্রহণৰ সময় ৰিগিং কৰাৰো কু–ভিসন্ধি কৰিছে যদিও মই জীয়াই থকালৈকে মন্ত্রী হিমন্তৰ এই চক্রান্ত আৰু ষডযন্ত্র কেতিয়াও সফল নহয়৷ কিয়নো সকলো শ্রেণীৰ ৰাইজ বিপিএফৰ লগত আছে৷ সকলো জাতি–জনগোষ্ঠীৰ সমর্থন লৈ আমি বিটিচি গঠন কৰিছোঁ আৰু বিগত ১৫ বছৰে বিটিচিৰ সর্বাংগীণ উন্নয়ন কৰিছোঁ যদিও এতিয়াও বহুতো কৰিবলগীয়া আছে৷’ –এই ভাষ্য বিপিএফৰ প্রাক্তন মুৰব্বী তথা বিপিএফ দলৰ সভাপতি হাগ্রামা মহিলাৰীৰ৷ তেওঁ আজি নিজৰ সমষ্টি কচুগাঁৱৰ চৌতাৰাত অনুষ্ঠিত বিশাল জনসভাত আৰু কয়– হিমন্ত বিশ্ব শর্মাক বিটিচি নির্বাচনৰ পাছত মন্ত্রীসভাৰ পৰা বিতাডিত কৰাৰ বাবে মই নিজে মুখ্যমন্ত্রীক অনুৰোধ জনাম৷ হিমন্তৰ লগত মোৰ কোনো সম্পর্ক নাই৷ তেওঁ বিটিচিত অশান্তিৰ সৃষ্টি কৰাৰ বাবে তলে তলে ইউপিপিএলৰ লগ লাগি ‘বেপাৰী’ প্রমোদক ব্যৱহাৰ কৰি বিটিচি দখলৰ দিবাস্বপ্ণ দেখিছে যদিও বিটিচিৰ শান্তিকামী ৰাইজে বিজেপিৰ এই ষডযন্ত্র ইতিমধ্যে ধৰা পেলাইছে৷ হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দাসে মোক যিদৰে ব্যক্তিগত আক্রমণ কৰি তুচ্ছ–তাচ্ছিল্য কৰি আছে, সেয়া বড়ো জাতিৰ সংস্কৃতিবিৰোধী৷ তেওঁলোক সভ্যতাৰ সীমা চেৰাই মোৰ বিৰুদ্ধে যিমানে অপপ্রচাৰ কৰিব ৰাইজে সিমানে মোৰ পক্ষত থিয় দিব৷ বিজেপিৰ এই লেতেৰা ৰাজনীতিৰ সংগী হোৱা ইউ পি পি এল দলকো ড০ শর্মাই গিলিব বুলি তেওঁ কয়৷ হাগ্রামাই পুনৰ কয়– হেজাৰজন নেতা আহি বিটিচিত অপপ্রচাৰ চলালেও বিপিএফৰ চৰকাৰ গঠন কৰাটো নিশ্চিত৷ ‘এশটা হিমন্ত আহিলেও ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰিব৷’– পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত হাগ্রামাই কচুগাঁও সমষ্টিৰ ৰাইজৰ আশীর্বাদ বিচাৰি ভাষণত এইদৰে কয়৷
চিৰাঙৰ বিজনীত বিপিএফৰ সভাত হাগ্রামা মহিলাৰী
বিটিচি পৰিষদীয় নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটদানৰ প্রাক্মুহূর্তত আজি চিৰাং জিলাৰ বিজনীত বিপিএফৰ ১৭ নম্বৰ জনজাতি সুবাইঝাৰ সমষ্টি, ১৮ নম্বৰ জনজাতি সংৰক্ষিত মানাস ছেৰফাং আৰু ১৯ নম্বৰ থুৰিবাৰী মুকলি সমষ্টিৰ মনোনীত প্রার্থীৰ সমর্থনত আজি বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে প্রচাৰ সভাত অংশ লৈ সভাত ৰাইজৰ মাজত এইবাৰো বিপিএফে পৰিষদ গঠন কৰিব বুলি দাবী কৰে৷ ভাষণ প্রসংগত ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিপিএফৰ প্রতি বিষোদগাৰ কৰি হাগ্রামা মহিলাৰীক তীব্র সমালোচনা কৰা সন্দর্ভত তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে মন্ত্রী হিমন্ত বিশ্ব শর্মাই উত্তৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ এহেজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা টকাৰে বিটিচি নির্বাচনত নামি পৰিছে৷ বিটিচিত পুনৰ বিপিএফৰ পৰিষদ গঠন হ’ব৷ এইবাৰ কোনো দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে বুলিও তেওঁ উল্লেখ কৰে৷ বিজনীৰ বিধায়ক কমল সিং নার্জাৰীয়ে আঁত ধৰা উক্ত সভাত বিপিএফৰ মহিলা গোটৰ কেন্দ্রীয় নেত্রী অঞ্জলি দৈমাৰীয়ে ভাষণ দিয়ে৷ সভাত সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী প্রভাত বসুমতাৰী, মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী ধনঞ্জয় বসুমতাৰী আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ সমর্থিত অসম গণ পৰিষদৰ প্রার্থী পার্থজিত ৰায়ৰ লগতে ভালেমান নেতাৰ লগতে কেইবা সহস্র দলীয় কর্মী উপস্থিত থাকে৷

You might also like