নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখ ৰচি ৩৮ দিনতে মেট্রিকৰ ফলাফল

🔹 এএছএছইবিৰ প্রথমটো পৰীক্ষাত ৬৩.৯৮ শতাংশৰ সফলতা

বিশেষ বাৰ্তা, ১২ এপ্রিল : শিক্ষার্থী–অভিভাৱকসকলৰ প্রতীক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল ২০২৫ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ অসম মাধ্যমিক শিক্ষা ব’ৰ্ড (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড (এএছএছইবি) গঠন কৰাৰ পাছত এয়া প্রথম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ নতুনকৈ গঠন কৰা ব’র্ডে পৰীক্ষা সমাপ্ত হোৱাৰ পাছত অভিলেখসংখ্যক ৩৮ দিন পাছত ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে ইমান কম সময়ৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হোৱা নাছিল৷ ব’র্ডে কালি দিনৰ ১০.৩০ বজাত ১৪টা ৱেবছাইটৰ লগতে এটা ম’বাইল এপৰ জৰিয়তে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰে৷ ঘোষিত ফলাফল অনুসৰি চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ৷ এইবাৰ মুঠ ৪,২৯,৪৪৯গৰাকী শিক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে আবেদন দাখিল কৰিছিল৷ ইয়াৰে ৪,২২,৭৩৭গৰাকী শিক্ষার্থী পৰীক্ষাত অৱতীর্ণ হয়৷ অৱতীর্ণ হোৱা পৰীক্ষার্থীসকলৰ ভিতৰত মুঠ ২,৭০,৪৭১গৰাকী শিক্ষার্থী উত্তীর্ণ হয়৷ ইয়াৰে ৮৯,০৪১গৰাকীয়ে প্রথম বিভাগত, ১,৩৫,৫৬৮গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৪৫,৮৬২গৰাকী শিক্ষার্থীয়ে তৃতীয় বিভাগত উত্তীর্ণ হৈছে৷ পৰীক্ষাত অনুপস্থিত পৰীক্ষার্থীৰ সংখ্যা হৈছে ৬,৭২১গৰাকী৷ ২২গৰাকী শিক্ষার্থীৰ ফলাফল স্থগিত ৰখাৰ বিপৰীতে অসৎ উপায় অৱলম্বন কৰাৰ বাবে ১০১গৰাকী শিক্ষার্থীক পৰীক্ষা গৃহৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীর্ণ শিক্ষার্থীৰ সংখ্যা হৈছে ১,৫২,২৬৬গৰাকী৷ অৱশ্যে বিগত দুটা বর্ষৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হাৰ হ্রাস পাইছে৷ ব’র্ডে প্রকাশ কৰা তথ্য অনুসৰি, ২০২৪ বর্ষত উত্তীর্ণৰ হাৰ আছিল ৭৫.৭ শতাংশ, ২০২৩ বর্ষত ৭২.৬ শতাংশ৷ চলিত বর্ষৰ পৰীক্ষাত ছাত্রীক চেৰ পেলাই ছাত্রই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ছাত্রৰ উত্তীর্ণৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্রীৰ উত্তীর্ণৰ হাৰ ৬১.০৯ শতাংশ৷ ব’র্ডে প্রকাশ কৰা তথ্য অনুসৰি, চলিত বর্ষৰ পৰীক্ষাত ১,৯০,৬৫৫জন ছাত্রই আবেদন দাখিল কৰিছিল৷ ইয়াৰে ১,৮৭,৭৫২জন পৰীক্ষাত অৱতীর্ণ হয়৷ ইয়াৰ ভিতৰত মুঠ ১,২৬,৯০৭জন ছাত্র উত্তীর্ণ হৈছে৷ উত্তীর্ণ ছাত্রসকলৰ ভিতৰত ৪৩,৫৭৪জনে প্রথম, ৬৩,৪১০জনে দ্বিতীয় আৰু ১৯,৯২৩জনে তৃতীয় বিভাগ লাভ কৰিছে৷ আনহাতে, চলিত বর্ষৰ পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে ২,৩৮,৭৯৪গৰাকী ছাত্রীয়ে আবেদন কৰিছিল যদিও ২,৩৪,৯৮৫গৰাকী ছাত্রীহে পৰীক্ষাত অৱতীর্ণ হয়৷ ইয়াৰে ১,৪৩,৫৬৪গৰাকী উত্তীর্ণ হৈছে৷ উত্তীর্ণসকলৰ ভিতৰত ৪৫,৪৬৭গৰাকীয়ে প্রথম, ৭২,১৫৮গৰাকীয়ে দ্বিতীয় আৰু ২৫,৯৩৯গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে৷ উত্তীর্ণ প্রার্থীসকলৰ ভিতৰত ৫,৩৩৬গৰাকীয়ে ডিষ্টিংচন নম্বৰ আৰু ১৬,৫১৭গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে৷ এইবাৰ যথেষ্টসংখ্যক শিক্ষার্থীয়ে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ঘোষিত ফলাফল অনুসৰি ১,৬৮,৩১২গৰাকী শিক্ষার্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে৷ ইফালে, উত্তীর্ণৰ হাৰ হিচাপে শীর্ষস্থান দখল কৰিছে শিৱসাগৰ জিলাই৷ জিলাখনৰ উত্তীর্ণৰ হাৰ হৈছে ৮৫.৫৫ শতাংশ৷ দ্বিতীয় স্থানত থকা ডিব্রুগড়ৰ উত্তীর্ণৰ হাৰ ৮১.১০ শতাংশ৷ ৮০.৬৪ শতাংশৰে ধেমাজি তৃতীয়, ৭৯.৬১ শতাংশৰে যোৰহাট চতুর্থ আৰু ৭৮.৭৯ শতাংশৰে কামৰূপ মহানগৰ জিলা পঞ্চম স্থানত আছে৷ আনহাতে, আটাইতকৈ নিম্নতম উত্তীর্ণৰ হাৰ হৈছে শ্রীভূমি জিলাৰ৷ জিলাখনৰ উত্তীর্ণৰ হাৰ মাত্র ৪৭.৯৬ শতাংশ৷ আন জিলাসমূহৰ উত্তীর্ণৰ হাৰ হৈছে এনেধৰণৰ– বৰপেটাত ৬৫.০৫ শতাংশ, বঙাইগাঁৱত ৫৮.১৬ শতাংশ, বাক্সাত ৬৯.৬৪ শতাংশ, চিৰাঙত ৭৪.৪৪ শতাংশ, কাছাৰত ৫১.৫৮ শতাংশ, ধুবুৰীত ৫৪.৮৯ শতাংশ, দৰঙত ৭২.১০ শতাংশ, গোৱালপাৰাত ৫১.৩১ শতাংশ, গোলাঘাটত ৭৪.৪৯ শতাংশ, হাইলাকান্দিত ৫৮.৩৮ শতাংশ, কামৰূপ গ্রাম্যত ৭৪.৭৩ শতাংশ, কার্বি আংলঙত ৬৬.৮০ শতাংশ, কোকৰাঝাৰত ৬১.১২ শতাংশ, লখিমপুৰত ৭৭.৩০ শতাংশ, মৰিগাঁৱত ৫১.৪০ শতাংশ, নগাঁৱত ৭১.৯০ শতাংশ, নলবাৰীত ৭৮.৪০ শতাংশ, ডিমা হাছাওত ৭৬.৬৪ শতাংশ, শোণিতপুৰত ৬০.৭৮ শতাংশ, তিনিচুকীয়াত ৬৫.৭৬ শতাংশ, ওদালগুৰিত ৬০.১০ শতাংশ, বিশ্বনাথত ৬৮.২৯ শতাংশ, চৰাইদেউত ৭৬.৭১ শতাংশ, হোজাইত ৫২.৬১ শতাংশ, মাজুলীত ৬৮.৯৮ শতাংশ, দক্ষিণ শালমাৰাত ৬১.৫৮ শতাংশ আৰু পশ্চিম কার্বি আংলঙত ৬১.১৩ শতাংশ৷ অৱশ্যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পুনৰ উজলি উঠে৷ শীর্ষ তিনিটা স্থান দখল কৰিবলৈ সক্ষম হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীয়ে৷ প্রজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অমিশী শইকীয়াই প্রথম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দ্বিতীয় স্থান দখল কৰিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তার্শ্ব বৰদলৈয়ে৷ তৃতীয় স্থান দখল কৰিছে প্রজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰেই অনির্বাণ শইকীয়াই৷ স্বাভাৱিকতে তিনিওটা স্থানৰ ভিতৰত চৰকাৰী বিদ্যালয়ৰ এজনো শিক্ষার্থীয়ে স্থান লাভ নকৰাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ তদুপৰি সামগ্রিকভাৱেও একাংশ চৰকাৰী বিদ্যালয়ৰ ফলাফল যথেষ্ট নিম্নগামী হোৱা পৰিলক্ষিত হৈছে৷ আনকি গুৱাহাটীৰেই ৫খনকৈ আগশাৰীৰ শিক্ষানুষ্ঠানৰ উত্তীর্ণৰ হাৰ ২৫ শতাংশৰো কম৷ যাৰ পৰিপ্রেক্ষিতত এই বিদ্যালয়কেইখনলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক দীপিকা চৌধুৰীয়ে৷ বৰসজাই হাইস্কুল, মালিগাঁও হাইস্কুল, এনপিএমই হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা প্রধান শিক্ষকলৈ চৌধুৰীয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ তেওঁলোকৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নহ’ব সেই সন্দর্ভত ৫ দিনৰ ভিতৰত উত্তৰ প্রদান কৰিব লাগিব৷ প্রাপ্ত তথ্য অনুসৰি দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৭৮গৰাকী শিক্ষার্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰে ১৯গৰাকী শিক্ষার্থী উত্তীর্ণ হোৱাৰ বিপৰীতে ৫৯গৰাকী শিক্ষার্থী অনুত্তীর্ণ হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে এবছুৰ সৈতে হোৱা বৈঠকত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে ৰঙালী বিহুৰ পূর্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি প্রকাশ কৰিছিল৷ অৱশ্যে বৃহস্পতিবাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি একাংশ সংবাদ মাধ্যমে বুধবাৰে বাতৰিও প্রকাশ কৰিছিল৷ পৰৱর্তী সময়ত মুখ্যন্ত্রীগৰাকীয়ে এক্স হেণ্ডেলযোগে বৃহস্পতিবাৰে ফলাফল ঘোষণা কৰা নহয় বুলি সদৰী কৰে৷ ইয়াৰ পাছতে কেতিয়ালৈ ফলাফল ঘোষণা কৰা হ’ব, তাক লৈ শিক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত উৎকণ্ঠা বিৰাজ কৰে৷ কালি পুৱা এই উৎকণ্ঠাৰ অৱসান ঘটাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পুৱা ১০.৩০ বজাত ফলাফল ঘোষণা কৰা হ’ব বুলি প্রকাশ কৰে৷

You might also like