নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্–স্বাধীনতাৰ সময়তে স্থাপিত ধুবুৰীৰ চৰকাৰী খণ্ডৰ স্কুলৰ মেট্ৰিকৰ পুতৌজনক ফলাফলক লৈ উদ্বিগ্নতা

নিয়মীয়া বাৰ্তা, ১০ জুনঃ প্ৰাক্–স্বাধীনতাৰ যুগতে স্থাপিত হোৱা ধুবুৰী চহৰৰ কেইবাটাও আগশাৰিৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাৰ পুতৌজনক ফলাফলে এতিয়া উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক। উল্লেখ্য যে, ১৮৭৯ চনতেই স্থাপিত হৈছিল ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত ‘চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়’খন। ‘সুধাকণ্ঠ’ প্ৰয়াত ড৹ ভূপেন হাজৰিকাৰ ছাত্ৰ জীৱনৰ স্মৃতি বিজৰিত এই বিদ্যালয়খনৰ পৰা এইবেলি মুঠ ১২৬ গৰাকী পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। যোৱাকালি অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ঘোষণা কৰা মেট্ৰিকৰ ফলাফল বিদ্যালয়খনৰ,  বিদ্যালয়খনৰ  মুঠ ১২৬ গৰাকী পৰীক্ষাৰ্থীৰ ১০ গৰাকী প্ৰথম বিভাগত  ১৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৮ গৰাকী পৰীক্ষাৰ্থী। অৰ্থ্যাৎ বিদ্যালয়খনৰ ১২৬ গৰাকী পৰীক্ষাৰ্থীৰ ৮২ গৰাকী পৰীক্ষাৰ্থীয়েই এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ন’হল। ঠিক অনুৰূপে, ১৯২৫ চনতেই স্থাপন হোৱা ধুবুৰীৰ ‘চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ৰ ১২৬ গৰাকী পৰীক্ষাৰ্থীৰ, প্ৰথম বিভাগত ৪ গৰাকী, দ্বিতীয় বিভাগত ১৫ গৰাকী পৰীক্ষাৰ্থী  উত্তীৰ্ণ হোৱাৰ বিপৰীতে তৃতীয় বিভাগ লাভ কৰিছে  ১৪ গৰাকী পৰীক্ষাৰ্থী। অৰ্থ্যাৎ এইবেলি মেট্ৰিকত বিদ্যালয়খনৰ মুঠ ১২৬ গৰাকী পৰীক্ষাৰ্থীৰ ৯৩ গৰাকীয়ে উত্তীৰ্ণ ন’হল। ইপিনে, ১৯৩০ চনত স্থাপিত হোৱা চহৰখনৰ ‘শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ মুঠ ৪৭ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মাথো এগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে ৪ আৰু ৫ গৰাকী পৰীক্ষাৰ্থীয়ে। অৰ্থ্যাৎ বিদ্যালয়খনৰ ৪৭ গৰাকী  পৰীক্ষাৰ্থীৰ ৩৭ গৰাকীয়েই এইবাৰৰ  মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। ফলত স্বাভাৱিক ভাৱেই, এসময়ত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ শিক্ষাৰ পীঠস্থান বুলি পৰিচিতি থকা  এই  বিদ্যালয় কেইখনৰ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ শোচনীয় ফলাফলৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like