নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ ঔষধ গৱেষণাত সফল চৰাইদেউৰ যুৱক অমৃত

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ অতিমাৰী ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত বিপর্যস্ত মানৱ সভ্যতা৷ বিশ্বত লাখ লাখ লোকৰ জীৱন কাঢ়ি নিয়া এই অতিমাৰীৰ কবলৰ পৰা মানৱ জাতিক উদ্ধাৰ কৰিবলৈ বিজ্ঞানী, গৱেষকসকলে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে ক’ভিড–১৯ৰ সহায়কাৰী এক ঔষধৰ গৱেষণাত জিলিকিছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এগৰাকী যুৱক৷

বিশ্বজুৰি ক’ভিডৰ ভয়াৱহ প্রকোপ বৃদ্ধিৰ মাজতে এক ইণ্ডো– জার্মান কোম্পানীVedicinals India pvt. ltd.ৰNUTRACITICALS MEDICINEয়ে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ কোম্পানীটোৱে এনে এটাnutraciticals প্রস্তুত কৰি উলিয়াইছে, যিটো তেওঁলোকে ক’ভিড–১৯ৰ সহযোগী চিকিৎসাৰ ঔষধVedicinals হিচাপে প্রয়োগ কৰিব পাৰিব বুলি ঠাৱৰ কৰিছে আৰু বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড–১৯ৰ মানৱ দেহত যি পার্শ্ব প্রভাৱ, সেয়াও নাইকিয়া কৰিব পাৰিব বুলি নির্ধাৰণ কৰিছে৷ ইতিমধ্যে সংশ্লিষ্ট ঔষধবিধৰ UMAN CLINICAL TRIAL সফলতাৰে সম্পূর্ণ হৈছে৷

জানিব পৰা মতে, প্রাকৃতিক বনৌষধিযুক্ত উদ্ভিদৰ পৰা লোৱা ৯টা বিশেষ সক্রিয় অণুৰে তৈয়াৰ কৰা এই UTRACITICALS MEDICINE] সম্ভাৱনীয়তা ইতিমধ্যে কেইবাখনো ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় ডিজিটেল আলোচনীত প্রকাশ পাইছে৷

উল্লেখ্য যে এই ঔষধৰ গৱেষণা আৰু সম্পূর্ণ গৱেষণাৰ প্রতিবেদন প্রস্তুতত জার্মানী, পুনে আৰু হায়দৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ যুৱক অমৃত প্রীতম ভূঞাই বিশেষ ভূমিকা গ্রহণ কৰিছে৷

অমৃত প্রীতম ভূঞা আৰু তেওঁৰ সতীর্থ ড০ বেভৱ চাবলে EDICLINICAL 19 ঔষধৰ OMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY ৰ সম্পূর্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে প্রয়োজনীয় সম্পূর্ণ শৰীৰৰ ৭১টা বিশেষ ভূমিকাক সামৰি শ্বেতপত্র প্রস্তুত কৰিছে৷

বিদেশত উচ্চ শিক্ষা গ্রহণ কৰা অমৃত প্রীতম ভূঞা TART UP COMPANY ‘Mr Biologist’] স্বত্বাধিকাৰী৷ কোম্পানীটোৰ ৱেবছাইটত প্রকাশ পোৱা তথ্য অনুসৰি অসম সন্তান অমৃত প্রীতম ভূঞাই কোম্পানীটোৰ ডাইৰেক্টৰ অৱ ব’ডতো স্থান লাভ কৰিছে৷ SSI চর্টিফিকেটৰ সৈতে এই utraceuticals ইতিমধ্যে গ্রাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে৷

You might also like