নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলঘাগৰী পাহাৰৰ শিলৰ কোৱেৰী বন্ধৰ দাবীত উপায়ুক্তক স্মাৰক-পত্ৰ

নিয়মীয়া বাৰ্তা,  ২০জুনঃ বঙাইগাঁও জিলাৰ বইটামাৰী এলেকাৰ শিলঘাগৰী পাহাৰত থকা ১নং কোৱেৰীটোত পৰহি আবেলি অতি উচ্চ ক্ষমতাসম্পন্ন বোমা বিস্ফোৰণ ঘটাই সমগ্ৰ বইটামাৰী এলেকাটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে পাহাৰখনৰ নিলগত থকা ৩৩নং চি আদৰ্শ শালবাৰী প্ৰাথমিক বিদ্যালয়ৰ চালৰ টিনপাতত বৃহৎ এটা শিল উফৰি আহি পৰি চালখনৰ ক্ষতি কৰাৰ লগতে বিদ্যালয়ৰ মজিয়াখনত গাঁতৰ সৃষ্টি কৰে।

স্কুল বন্ধ থকা বাবে কথমপি প্ৰাণ ৰক্ষা পৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ।একেদৰে হবিবৰ ৰহমান নামৰ মানুহজনৰ শোৱনী গৃহৰ চালৰ লগতে মাজচোতালত বৃহৎ শিল পৰি গাঁতৰ সৃষ্টি কৰে।

বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি কোৱেৰীটোৰ মহলদাৰ আৰু বোমা বিস্ফোৰণ ঘটোৱা পাঠক উপাধিৰ বালাচটাৰ গৰাকীক শাস্তি বিহাৰ লগতে পাহাৰখনৰ কোৱেৰীসমূহ বন্ধ কৰাৰ দাবীত সমগ্ৰ শালবাৰী গাঁৱৰ ৰাইজে চহী কৰা এখন স্মাৰক-পত্ৰ কালি বঙাইগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰিছে।

You might also like