বাৰ্তা বুৰো, ১১ আগষ্ট : দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসন আৰু কপিলী উন্নয়ন খণ্ডৰ উদ্যোগত জালুগুটি পঞ্চায়তৰ অন্তৰ্গত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধানমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী “মেৰী মাটি মেৰা দেশ”ৰ অন্যতম কাৰ্যসূচী “শিলাফলকম্“ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বসুধা বন্ধন আৰু পঞ্চ সকল্প অনুষ্ঠানৰো আয়োজন কৰে৷ অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত দ্যুতিভা বৰা; ড° সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰা, কপিলী খণ্ড উন্নয়ন বিষয়া সীমা দেৱী য়েইনৰ লগতে মৰিগাঁও জিলা পৰিষদ আৰু কপিলী উন্নয়ন খণ্ডৰ বিভিন্ন বিষয়াসকল৷
প্ৰেৰক প্ৰাঞ্জল দাস