৫ জুনৰ পিছতহে হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২৯ মেঃ চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত শুকুৰবাৰে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) কর্তৃপক্ষ আৰু সদৌ অসম ছাত্র সন্থাৰ নেতৃত্ব৷ শুকুৰবাৰৰ বৈঠকত পৰীক্ষাৰ মডেলিটী, ছাত্র–ছাত্রীৰ শৈক্ষিক স্বার্থ আৰু স্বাস্থ্যৰ সুৰক্ষা সন্দর্ভত গুৰুত্বপূর্ণ আলোচনা কৰা হয়৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি শুকুৰবাৰ বা শনিবাৰৰ ভিতৰত ছেবাই পৰীক্ষাৰ মডেলিটী প্রস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰিব৷
চৰকাৰৰ লগত আলোচনা কৰি মডেলিটী চূড়ান্ত কৰা হ’ব আৰু তাৰ পাছতে সেয়া শিক্ষার্থীসকলৰ বাবে ৰাজহুৱা কৰা হ’ব৷ এই তথ্য সদৰী কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংবাদ মাধ্যমৰ আগত কয় যে ছেবাৰ লগত আছুৰ ইয়াৰ পূর্বেও এলানি আলোচনা হৈছিল৷ আলোচনাত আছুৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ জনোৱা হৈছিল যে কোনো পৰিস্থিতিতে ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষৰ ক্ষতি হ’ব নোৱাৰিব আৰু স্বাস্থ্যও সমানে সুৰক্ষিত হৈ থাকিব লাগিব৷ ছেবা কর্তৃপক্ষয়ো পৰীক্ষা পাতিবলৈ প্রস্তুত বুলি জনাইছিল৷
ইয়াৰ পাছত সদৌ অসম ছাত্র সন্থাই সকলো শিক্ষক সংগঠনৰ লগত আলোচনা কৰি নিজৰ পৰামর্শাৱলী ছেবাৰ ওচৰত দাখিল কৰে৷ ছেবা কর্তৃপক্ষই শুকুৰবাৰে জানিবলৈ দিয়া মতে, পৰীক্ষা অনুষ্ঠিত কৰিবলৈ হ’লে স্বাস্থ্য বিভাগৰ অনুমতিৰ প্রয়োজন হ’ব৷ যিহেতু ৫ জুন পর্যন্ত আন্তঃজিলা যাতায়াত বন্ধ আছে, গতিকে তাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব৷ এটা কথা নিশ্চিত যে পৰিস্থিতি উন্নত হ’লেই হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ আছুৰ তৰফৰ পৰা ছেবাক অনুৰোধ জনোৱা হৈছে যে কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ’ব, কেইখন কাকতৰ পৰীক্ষাত ছাত্র–ছাত্রী অৱতীর্ণ হ’ব লাগিব, সেই বিষয়ে সোনকালে এটা সিদ্ধান্ত সদৰী কৰক৷ তেতিয়াহে ছাত্র–ছাত্রীসকলে সেই অনুসৰি পৰীক্ষাৰ বাবে প্রস্তুতি চলাব পাৰিব৷ প্রত্যুত্তৰত ছেবা কর্তৃপক্ষই জনায় যে শুকুৰবাৰ বা শনিবাৰৰ ভিতৰত পৰীক্ষাৰ মডেলিটী চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব৷ অসম চৰকাৰৰ লগত আলোচনা কৰি ছাত্র–ছাত্রী আশ্বস্ত হ’ব পৰাকৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷
ইপিনে শিক্ষার্থীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰা, পৰীক্ষা গৃহত সম্পূর্ণ ক’ভিড প্রট’কল পালনৰ বাবেও আছু নেতৃত্বই ছেবাক আহ্বান জনায়৷ এই বিষয়ত ছেবা কর্তৃপক্ষই সদৰী কৰে যে পৰীক্ষাৰ দায়িত্ব পালন কৰিবলগীয়া অধিকাংশ শিক্ষকেই নির্বাচনৰ দায়িত্ব পালন কৰিছিল৷ গতিকে তেওঁলোকৰ টিকাকৰণ ইতিমধ্যে সম্পূর্ণ হৈছে৷ যিসকল শিক্ষক–কর্মচাৰীয়ে এতিয়াও ভেকচিন পোৱা নাই, তেওঁলোককো অতি সোনকালে ভেকচিন প্রদান কৰা হ’ব৷ লগতে ছাত্র–ছাত্রীৰ স্বাস্থ্যৰ সুৰক্ষাও নিশ্চিত কৰা হ’ব৷ উল্লেখ্য যে শুকুৰবাৰৰ বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, সচিব সুৰঞ্জনা সেনাপতিৰ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অংশগ্রহণ কৰে৷