নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিগাঁও মিৰি গাঁৱত মিচিং জনগোষ্ঠীৰ পঃৰাগ (নৰা ছিগা বিহু) উৎসৱ পালন

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল : শোণিতপুৰৰ বালিপৰা খনামুখৰ সমীপৱৰ্তী বালিগাঁও মিৰি গাঁৱত আজি মিচিং জনগোষ্ঠীয় ৰাইজে পালন কৰে পঃৰাগ (নৰা ছিগা বিহু ) উৎসৱ । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৪ বজাত অনুষ্ঠিত হয় মাংগলিক কাৰ্য । অনুষ্ঠান পৌৰোহিত্য কৰে হেমেন পাৱে । পুৱা ৫ বজাত উদযাপন সমিতিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় নদী পূজা ( আচি উয়ু ) । দিনৰ ১২ বজাত অনুষ্ঠিত হয় উৰম বিয়হ চুনাম কাৰ্যসূচী । বিয়লি ১ বজাত পঃৰাগ বিষয়ত অনুষ্ঠিত হয় আলোচনা চক্ৰ । বিয়লি ২ বজাত পঃ পাই চুমনাম (মাংগলিক নৃত্য প্ৰদৰ্শন) । অনুষ্ঠান পৌৰোহিত্য কৰে হেমেন পাৱে । একেদৰে বিয়লি ৩ বজাৰ পৰা সমূহীয়া ছঃমান কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত পঃৰাগ উৎসৱ উদযাপন সমিতিৰ সভাপতি দেনেশ্বৰ পাৱ, কাৰ্যকৰী সভাপতি বিৰুচন মিলি ,যুটীয়া সম্পাদক ৰণক পাৱ আৰু সজীৱ মিলিৰ লগতে প্ৰমেন মিলি, সমাজসেৱিকা গুণেশ্বৰী মিলি, বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰাৰ উপৰিও ভালেমান বিশিষ্ট ব্যক্তি , গঞা ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like