🔹 মহিলা স্বাৱলম্বী হ’লেহে দেশ প্ৰকৃত অৰ্থত বিকাশৰ পথত আগবাঢ়িব : মন্ত্ৰী পীয়ূষ হাজৰিকা
বাৰ্তা বুৰো, ১৬ অক্টোবৰ : জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি মৰিগাঁৱত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় বৰ্গৰ অন্তৰ্গত মৰিগাঁও জিলাৰ ৬৯৪৩গৰাকী হিতাধিকাৰীক ঋণমুক্তৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰে। এই উপলক্ষে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মহিলাসকলক ঋণৰ বোজাৰ পৰা মুক্ত কৰি স্বাৱলম্বী কৰি তোলাৰ বাবে এই আঁচনি গ্ৰহণ কৰিছিল। মহিলা স্বাৱলম্বী হ’লেহে দেশ প্ৰকৃত অৰ্থত বিকাশৰ পথত আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ দ্বাৰা ঋণমুক্ত হৈ এতিয়া মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বনৰ দিশত অগ্ৰসৰ হ’ব পাৰিব। তেওঁ অসমৰ আত্মসহায়ক গোটসমূহক দেশৰ এক অগ্ৰণী বিপ্লৱ আখ্যা দিয়ে। তেওঁ কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক ১ লাখ ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবেও আঁচনি হাতত লৈছে। তেওঁ কয় যে অৰুণোদয়, ভূমিপুত্ৰ, মিছন বসুন্ধৰা, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান আদিৰ দৰে আঁচনিসমূহৰ দ্বাৰা চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে কাম কৰি আছে। ধানৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ খেতিয়কসকলে এতিয়া দুগুণ উৎসাহেৰে ধান খেতি কৰিবলৈ ধৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ ২ লাখ নিবনুৱাক ১ৰ পৰা ৫ লাখ টকালৈকে ৰাজসাহায্যযুক্ত ঋণ প্ৰদানৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। এইসমূহ জনকল্যাণমূলক আঁচনিৰে চৰকাৰে ৰাজ্যখনক দেশৰ শীৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জাগীৰোডত নিৰ্মাণ কৰা ফ্লাইঅভাৰখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ১০ নৱেম্বৰত উদ্বোধন কৰিব। অহা বছৰৰ মে’-জুন মাহৰ ভিতৰত জাগী ভকতগাঁৱৰ কপিলী নদীৰ ওপৰত থকা দলংখনৰো নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে জিলাখনৰ বান সমস্যাৰ জোৰা মৰাৰ বাবে মথাউৰি নিৰ্মাণত ৬০ কোটি টকা ব্যয় কৰা হৈছে আৰু প্ৰায় ৩০০ কোটি টকাৰে খহনীয়া ৰোধ কৰাৰ বাবেও অচিৰেই কাম আৰম্ভ হ’ব। আন এক প্ৰসংগত তেওঁ মৰিগাঁও জিলাত অহা ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায়। সভাত দিয়া ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদায় মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। মহিলাসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বহু আঁচনি গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত দিয়া আদৰণী ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে প্ৰথম পৰ্যায়ত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত মৰিগাঁও জিলাত ১৫৯৭০ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ২০৬২ গৰাকী হিতাধিকাৰী উপকৃত হৈছিল। অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, পৌৰপতি যোগেশ তামুলী, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক প্ৰাঞ্জল দাস