নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ লাখ মহিলাৰ মূৰত ১২,৫৩২ কোটিৰ ঋণ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: ৰাজ্যখনৰ ২৬.২৩ লাখ মহিলাৰ মূৰৰ ওপৰত আছে মাইক্র’ ফাইনেঞ্চৰ ১২,৫৩২ কোটি টকাৰ ঋণৰ বোজা৷ বিধানসভা বিধায়ক বিদ্যাছিং ইংলেঙৰ এক লিখিত প্রশ্নৰ উত্তৰত বিত্তমন্ত্রী অজন্তা নেওগে এই তথ্য সদৰী কৰে৷ সদনত মন্ত্রী নেওগে প্রকাশ কৰা অনুসৰি অসমত ক্ষুদ্র ঋণ প্রদানকাৰী চাৰিধৰণৰ সংস্থা আছে৷

সেই সংস্থা চাৰিটা হৈছে– নন–বেংকিং ফাইনেন্সিয়েল কোম্পানী– মাইক্র’ ফাইনেঞ্চ ইনষ্টিটিউচন্ছ (এনবিএফচি–এমএফআই), ছিডিউল কমার্চিয়েল বেংক্ছ, স্মল ফাইনেঞ্চ বেংক্ছ আৰু মাইক্র’ ফাইনেঞ্চ ইনষ্টিটিউচন্ছ৷ এই সংস্থাসমূহে ভাৰতীয় ৰিজার্ভ বেংকৰ নির্দেশাৱলী অনুসাৰে বিভিন্ন ধৰণৰ নীতি–নিয়ম পালন কৰে৷ সদনত মন্ত্রী নেওগে আৰু কয় যে বর্তমান প্রচলিত নিয়ম অনুসাৰে উক্ত সংস্থাসমূহে তেওঁলোকৰ ব্যৱসায় কৰিবলৈ ৰাজ্য চৰকাৰৰ কোনো অনুমতিৰ প্রয়োজন নাই৷ অৱশ্যে অসম চৰকাৰে অর্থনৈতিকভাৱে পিছপৰা ক্ষুদ্র ঋণ গ্রহণ কৰোঁতাসকলক সুদৰ অত্যধিক হাৰ ঋণ ঘূৰাই দিয়াৰ ক্ষেত্রত পোৱা বিভিন্ন অসুবিধাসমূহৰ পৰা সুৰক্ষা আৰু সকাহ দিবৰ বাবে দ্য আছাম মাইক্র’ ফাইনেঞ্চ ইনষ্টিটিউচন্ছ (ৰেগুলেচন অৱ মানী লেণ্ডিং) এক্ট–২০২০ প্রণয়ন কৰিছে৷ যোৱা ৩১ মার্চলৈ আনুমানিক মুঠ ২৬.২৩ লাখ মহিলাই মাইক্র’ ফাইনেঞ্চৰ পৰা ঋণ গ্রহণ কৰিছিল৷ উক্ত সংস্থাসমূহে ঋণ প্রদান কৰাটো এটা চলি থকা প্রক্রিয়া৷ সেয়ে কিমান ঋণ প্রদান কৰা হৈছে সেয়া কোৱা সম্ভৱ নহয়৷ কিন্তু যোৱা ৩১ মার্চলৈ মুঠ ১২.৫৩ কোটি টকাৰ ঋণ প্রদান কৰিছে৷

সদনত বিত্তমন্ত্রী নেওগে যোৱা ৩১ মার্চ পর্যন্ত জিলা অনুসৰি কিমানসংখ্যক মহিলাই মাইক্র’ ফাইনেঞ্চৰ পৰা কিমান পৰিমাণৰ ঋণ লৈছে, সেই বিষয়ে বিস্তৃতভাৱে সদৰী কৰি কয় যে বৰপেটা জিলাৰ ১.৪ লাখ মহিলাই ৬৩৩.৩২ কোটি টকা, বঙাইগাঁও জিলাৰ ৭৯ হাজাৰ মহিলাই ৩৫৮.১৪ কোটি টকা, কাছাৰ জিলাৰ ১.৫১ লাখ মহিলাই ৮৭৫.৭৭ কোটি টকা, দৰং জিলাৰ ১.৩৭ লাখ মহিলাই ৫৫২.৪৫ কোটি টকা, ধেমাজি জিলাৰ ৫৯ হাজাৰ মহিলাই ২০৮.৭২ কোটি টকা, ধুবুৰী জিলাৰ ১.১১ লাখ মহিলাই ৬৫৮.২৬ কোটি টকা, ডিব্রুগড় জিলাৰ ১.১৯ লাখ মহিলাই ৫৪৫.৭২ কোটি টকা, গোৱালপাৰা জিলাৰ ৬৭ হাজাৰ মহিলাই ৩০১.৭৮ কোটি টকা, গোলাঘাট জিলাৰ ১.৩৩ লাখ মহিলাই ৬৪৫.১০ কোটি টকা, হাইলাকান্দি জিলাৰ ২৯ হাজাৰ মহিলাই ১৪৫.৩১ কোটি টকা, যোৰহাট জিলাৰ ১.১৮ লাখ মহিলাই ৫৬৯.৮১ কোটি টকা, কামৰূপ জিলাৰ ২.৯৩ লাখ মহিলাই ১,৪৫৮.৩০ কোটি টকা, কামৰূপ মহানগৰ জিলাৰ ১০ হাজাৰ মহিলাই ৭.৭৭ কোটি টকা, কার্বি আংলং জিলাৰ ৫৪ হাজাৰ মহিলাই ১৫২.০৯ কোটি টকা, কৰিমগঞ্জ জিলাৰ ১.০৩ লাখ মহিলাই ৬০৯.৫৪ কোটি টকা, কোকৰাঝাৰ জিলাৰ ৪২ হাজাৰ মহিলাই ১৬৭.৪৩ কোটি টকা, লখিমপুৰ জিলাৰ ১.১৪ লাখ মহিলাই ৫১০.০১ কোটি টকা, মৰিগাঁও জিলাৰ ৯০ হাজাৰ মহিলাই ৪৮১.৮৯ কোটি টকা, নগাঁও জিলাৰ ২.৪৮ লাখ মহিলাই ১,২৫২.৩৫ কোটি টকা, নলবাৰী জিলাৰ ১.১৬ লাখ মহিলাই ৪৯৪.৮০ কোটি টকা, শিৱসাগৰ জিলাৰ ১.২৫ লাখ মহিলাই ৬১৫.৭০ কোটি টকা, শোণিতপুৰ জিলাৰ ১.৯৩ লাখ মহিলাই ৮৮২.৯০ কোটি টকা আৰু তিনিচুকীয়া জিলাৰ ৯৪ হাজাৰ মহিলাই ৩৫৩.৩০ কোটি টকাৰ ঋণ গ্রহণ কৰিছে৷ সেইদৰে ডিমা হাছাও জিলাত মাইক্র’ ফাইনেঞ্চৰ ঋণৰ বোজাৰ পৰিমাণ ৪৭ লাখ টকা বুলি মন্ত্রী নেওগে সদৰী কৰে৷

সদনত মন্ত্রী নেওগে আৰু কয় যে অসম চৰকাৰে মাইক্র’ ফাইনেঞ্চৰ পৰা ঋণ লোৱাসকলক ৰেহাই দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই ঋণ ৰেহাইৰ বাবে অসম চৰকাৰে অসম মাইক্র’ ফাইনেঞ্চ ইনষ্টিটিউচন উদগনি আঁচনি–২০২১ নামেৰে এখন আঁচনি যোৱা ১১ মে’ৰ কেবিনেটত গৃহীত হয়৷ বর্তমান আঁচনিখনৰ নিয়মৱলীসমূহৰ প্রস্তুতিকৰণ প্রক্রিয়া চলি আছে৷ নিয়মাৱলী প্রস্তুত হোৱাৰ পিছত কিমানসংখ্যক মহিলাই উক্ত ঋণ ৰেহাই পাব, সেই বিষয়ে থিৰাং কৰা হ’ব বুলি বিত্তমন্ত্রী নেওগে প্রকাশ কৰে৷

উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানৰ সময়ত সেই সময়ৰ ৰাজ্যৰ বিত্তমন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি ক্ষমতালৈ আহিলেই মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ বিজেপিয়ে পুনৰ চৰকাৰ গঠনৰ লগতে ড০ শর্মা ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিয়েই যোৱা ১১ মে’ত অনুষ্ঠিত প্রথমখন কেবিনেট বৈঠকতে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰে আৰু মন্ত্রী অশোক সিংঘালৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে৷ ইতিমধ্যে উক্ত কমিটীয়ে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই সন্দর্ভত নিয়মাৱলী যুগুতোৱাৰ কাম চলাই আছে৷

You might also like