নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : ৰাভা হাছঙত তীব্ৰতৰ হৈ পৰিছে পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ ৷ সমান্তৰাল ভাবে ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে তীব্ৰ বাকযুদ্ধ ৷ ইতিমধ্যে ৰাভা হাছং যৌথমঞ্চৰ লগতে বিজেপি আৰু এনডিএ সন্মিলিত ভাবে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাইছে ৷ ৰাভা হাছং পৰিষদৰ ৬নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথমঞ্চৰ প্ৰাৰ্থী উজ্জলা ব্ৰহ্মৰ সমৰ্থনত খাৰা লাল পাৰাত মন্ত্ৰী অশোক সিংঘালে প্ৰচাৰ কাৰ্য চলাই সংবাদ মাধ্যমক কয় যে কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰে৷ বিভাজনৰ ৰাজনীতিৰে গোৱালপাৰাৰ লগতে অসমৰ ক্ষতি কৰিছে ৷ ৰাভা-বড়ো-গাৰো- ৰাজবংশীৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে৷ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমুহ মিলি থাকিলে কংগ্ৰেছৰ দোকান নচলে৷ এটা সময়ত গোৱালপাৰাৰ পৰিচয় আছিল ৰাভা, বড়ো, গাৰো, কছাৰী, কোচ, কলিতা, ৰাজবংশীৰ ঠাই৷ কিন্তু তাৰ ঠাইত গোৱালপাৰাৰ পৰিচয় হ’ল জামাল, আহমেদ, আব্বাছ আৰু মহম্মদ৷ এয়া বাস্তৱ৷ সকলোৱে জানে এই কথা৷ সকলোৱে দেখিছে এই পৰিবেশ৷ প্ৰৱজনৰ জৰিয়তে গোৱালপাৰা জিলাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি অস্তিত্বৰ সংকট আহি পৰিছে৷ আমি যদি একত্ৰিত নহওঁ তেনেহলে আমাৰ ভূমি ভাষা কৃষ্টি সংস্কৃতি একো ধৰি ৰাখিব নোৱাৰো৷ বিজেপিয়ে বিভাজনৰ ৰাজনীতি নকৰে৷ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সুৰক্ষিত সমাজৰ লগতে সুৰক্ষিত অসম গঢ়াৰ কামত ব্ৰতী হৈ আছে৷ মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে ৰাভা হাছং বাসীয়ে কংগ্ৰেছৰ অপশাসন, হত্যা হিংসাৰ কথা কেতিয়াও নাপাহৰে৷ এইবাৰ মহিলাৰ বাবে সংৰক্ষিত ৬নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী উজ্জালা ব্ৰহ্মক টিভিৰ ভোটত ভোট দি বিপুল ভোটত জয়ী কৰাব বুলি কয় অভিভাৱক মন্ত্ৰী গৰাকীয়ে৷ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত জিলা বিজেপিৰ সভাপতি দিপাংক নাথ, বিজেপি নেতা প্ৰকাশ কাশ্যপ, ৰাজ্যিক সম্পাদিকা টিনামনী দৈমাৰী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷
প্ৰেৰক বেনজিন বড়ো