ধেমাজিত কংগ্ৰেছক তুলাধনা মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়ৈ বাৰ্তা ২৯ নৱেম্বৰঃ আজি ধেমাজিত অগপৰ “জাতীয় ঐক্য সমাৰোহ” অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই কংগ্ৰেছত তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী অতুল বৰাই কয় যে অসমীয়া ভাষা-সাহিত্য-স্বাভিমান ৰক্ষাৰ দীঘলীয়া ৰক্তাক্ত সংগ্ৰামৰ ফচল হৈছে অসম গণ পৰিষদ দল৷ কোনো ব্যক্তিৰ স্বাৰ্থ বা ক্ষমতাৰ লালসাত জন্ম হোৱা দল নহয় অসম গণ পৰিষদ৷ স্বাধীনতা লাভৰ পিছতে কংগ্ৰেছে ভোটবেংক ৰক্ষাৰ স্বাৰ্থত অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰীক আনি অসমীয়াৰ প্ৰতি যি ভাবুকি কঢ়িয়াইছিল, তাৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ আঞ্চলিক শক্তি হৈছে অগপ৷
সাম্প্ৰতিক সময়ত অসমৰ স্বাৰ্থ সুৰক্ষাৰ যি সংগ্ৰাম আৰম্ভ হৈছে, সেই সংগ্ৰামৰ ধাৰাক অপ্ৰতিৰোধ্য কৰিবলৈ আঞ্চলিকতাবাদৰ স্তম্ভ অগপ সদায়েই তৎপৰ৷ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ দিশে ধাৱমান অগপৰ ভেটি শক্তিশালী কৰিবলৈ আজি ধেমাজিত অনুষ্ঠিত “জাতীয় ঐক্য সমাৰোহ”লৈ হিলদ’ল ভাঙি হাজাৰ হাজাৰ জনতাই যিদৰে অভূতপূৰ্ব সঁহাৰি, সহায়-সহযোগিতা আগবঢ়ালে, ইয়ে আমাৰ উৎসাহ বহুগুণে বৃদ্ধি কৰিছে৷
এই সমাৰোহত উপস্থিত থাকে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত লগতে অগপৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতা, ধেমাজি জিলা আৰু বিধান পৰিষদৰ সভাপতিদ্বয় আৰু অন্য বিষয়ববীয়াসকল, অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল ৷