নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপযুক্ত প্ৰযুক্তিৰে বছৰজুৰি কৃষিভূমিৰ ব্যৱহাৰত গুৰুত্ব মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জুনঃ কৃষি উৎপাদিকা শক্তিৰ লগতে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে একেডৰা মাটিত বছৰত দুটা বা ততোধিক খেতিৰ বিকল্প নাই। শালি ধান চপোৱাৰ পাছত মাটি চন পেলাই নাৰাখি একেডৰা মাটিত সৰিয়হ, মাহজাতীয় শস্য বা অন্য শস্যৰ খেতি কৰাৰ বাবে কৃষি বিভাগে বিভিন্ন আঁচনিৰ জৰিয়তে বহনক্ষম, ব্যয়কুশল আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। আজি গুৱাহাটীৰ কাঁহিকুছিৰ উদ্যান গৱেষণা কেন্দ্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সহযোগত শালিধান খেতি চপোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন জিলাত চন পৰি থকা এহেজাৰ হেক্টৰ কৃষিভূমিত মাহজাতীয় শস্য বা সৰিয়হ খেতি কৰাৰ বাবে গ্ৰহণ কৰা এখন বিশেষ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কৃষি মন্ত্ৰী বৰাই কয় যে, ৰাজ্যৰ ১৮ লাখ হেক্টৰতকৈও অধিক কৃষিভূমিত শালি ধান খেতি কৰা হয় আৰু এই পৰিমাণৰ কৃষিভূমিৰ অধিকাংশই কৃষকে শালি ধান চপোৱাৰ পাছত চন পেলাই থয়। কৃষি বিভাগে ইতিমধ্যে শালি ধান চপোৱাৰ পাছত একেডৰা কৃষিভূমিত মাহজাতীয় শস্য, সৰিয়হ, মাকৈ, আলু, ৰবি বতৰৰ শাক-পাচলি আদিৰ খেতিৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকক উৎসাহিত কৰি অহা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ কৃষিখণ্ডৰ উন্নয়নত অগ্ৰাধিকাৰভিত্তিত গুৰুত্ব আৰোপ কৰিছে আৰু কৃষিক্ষেত্ৰৰ বিকাশৰ জৰিয়তে অসমক দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বহুমুখী প্ৰচেষ্টা হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে একেডৰা মাটিত ধাৰণশীল কৃষি পদ্ধতিৰে বছৰটোত দুটা বা ততোধিক খেতি কৰাৰ প্ৰয়াসক এক জন-আন্দোলনলৈ পৰিৱৰ্তিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। কৃষকে যাতে শালি ধান চপোৱাৰ পাছত অন্য খেতিৰ বাবে কম সময়তে খেতিৰ মাটিডৰা প্ৰস্তুত কৰি উলিয়াব পাৰে সেই দিশত গুৰুত্ব দি কৃষি বিভাগে বিগত ছটা বছৰত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰিপাৰ, গুটি সিঁচা যন্ত্ৰ আদিকে ধৰি প্ৰায় ১ লাখ ৭৬ হাজাৰতকৈও অধিক বিভিন্ন কৃষি যন্ত্ৰপাতি কৃষকৰ মাজত বিতৰণ কৰিছে।শালি ধান চপোৱাৰ পাছত অসমত চন পৰি থকা প্ৰায় ১০ লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত মাটিৰ আৰ্দ্ৰতা থকা প্ৰায় ৬ লাখ হেক্টৰ কৃষিভূমিত বিভাগে এপাৰ্টৰ সহযোগত বিভিন্ন ৰবি বতৰৰ শস্যৰ খেতি কৰাৰ বাবে এখন বিশেষ আঁচনি ৰূপায়ণ কৰি আছে। এই কৃষিভূমিত বছৰটোত অকল দুটাই নহয়, তিনিটাকৈ খেতি কৰাটোও সম্ভৱপৰ বুলি মন্ত্ৰীগৰাকীয়ে কয়। ৰাজ্যখনৰ ৮৫ শতাংশতকৈও অধিক কৃষক ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ আৰু এইসকল কৃষকৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ হকে আমাৰ কৃষি গৱেষণাই নিজৰ পথ গ্ৰহণ কৰা উচিত বুলি কৃষি মন্ত্ৰী বৰাই মন্তব্য কৰে।। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই তেওঁৰ ভাষণত দুটা খেতিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে উদ্ভাৱন কৰা অধিক উৎপাদনক্ষম শালি ধানৰ কম কৃষিকালযুক্ত জাতৰ লগতে মাহজাতীয় শস্য আৰু সৰিয়হৰ নতুন নতুন জাতৰ ওপৰত আলোকপাত কৰে। ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে ঐক্যবদ্ধভাৱে কাম কৰি অহা বুলিও তেওঁ কয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ণ কৰিবলৈ লোৱা দুটা খেতিৰ আঁচনিখনৰ বাবে বিশ্ববিদ্যালয়খনৰ শলাগ লয় আৰু কৃষকৰ জীৱন আৰু জীৱিকাৰ মান উন্নয়নৰ বাবে প্ৰায়োগিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ মাকৈ, মিলেট, ফুল আদিৰ দৰে লাভজনক শস্যৰ অনুকূল জাত উদ্ভাৱন কৰিবলৈও বিশ্ববিদ্যালয়খনক আহ্বান জনায়। অনুষ্ঠানত নাবাৰ্ডৰ উপ-পৰিচালন সঞ্চালক জি এছ ৰাৱাট, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰেপচীড আৰু সৰিয়হ গৱেষণা সঞ্চালকায়ৰ সঞ্চালক ড০ পি কে ৰাই, ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ আৰ এম সুন্দৰম, ভাৰতীয় মাহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ এছ ত্ৰিপাঠি, জলবায়ু সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য আঁচনিৰ ভাৰতৰ মুৰব্বী বিষয়া পি পেইথানকাৰ, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড০ সঞ্জয় চেতিয়া, সম্প্ৰসাৰণ সঞ্চালক ড০ মনোৰঞ্জন নেওগ, কৃষি অনুষদৰ ডীন ড০ প্ৰসন্ন পাঠক, উদ্যান গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ মহন্তকে ধৰি কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয়া-বিজ্ঞানী উপস্থিত থাকে।

You might also like