নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰে হোৱা মহাজোঁটত এনেদৰে গাঁঠি লগাই দিম, জীৱনত খুলিব নোৱাৰিবঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কংগ্রেছৰ ৫৫ বছৰীয়া শাসনকালত কেৱল ভাতৃঘাতী সংঘর্ষ সৃষ্টি কৰা হ’ল৷ কংগ্রেছৰ কোনো ৰাষ্ট্রীয়, সামাজিক, নৈতিক চৰিত্র নাই৷ বিজেপি–গপ মিত্রজোঁট চৰকাৰেহে ৰাজ্যত শান্তি আৰু সমন্বয়ৰ বাট মুকলি কৰিছে৷ –দেওবাৰে ডিব্রুগড়ত আয়োজিত বিজেপিৰ যুৱ সমাৰোহত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷

মুখ্যমন্ত্রী সোণোৱালে আৰু কয়– শান্তি অবিহনে প্রগতি অসম্ভৱ৷ আমাৰ চৰকাৰৰ দিনতহে কর্মসংস্কৃতিয়ে প্রবল ৰূপ ধাৰণ কৰিছে৷ অসমীয়াৰ ভাষা–সংস্কৃতি ৰক্ষা কৰিবলৈ হ’লে পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’বই লাগিব৷ কংগ্রেছে বদৰুদ্দিন আজমলৰ সৈতে লগ লাগি অসমীয়া জাতি ধ্বংসৰ ষড়যন্ত্র কৰিছে৷

আনহাতে, বি পি এফে মহাজোঁটত অংশগ্রহণ কৰিলেও আগন্তুক নির্বাচনত বিজেপিৰ ওপৰত কোনো প্রভাৱ পেলাব নোৱাৰে বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দাবী কৰে৷ মুখ্যমন্ত্রীৰ দাবী– মহাজোঁটে বিজেপিৰ কোনো ক্ষতি নকৰে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ এই নীতি বাস্তৱত কার্যকৰী কৰা বাবেই পুনৰ অসমত বিজেপি নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ হ’ব বুলি সোণোৱালে ভাষণ প্রসংগত কয়৷ নির্বাচনী দিন ঘোষণাৰ পাছতে ডিব্রুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ ডাইনীজানস্থিত সোণোৱাল কছাৰী সমন্বয় ক্ষেত্রত ভাৰতীয় জনতা যুৱ মর্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল যুৱ সমাৰোহত অংশগ্রহণ কৰি ভাৰতীয় জনতা যুৱ মর্চাৰ ৰাষ্ট্রীয় সভাপতি তেজস্বী সূর্যই বন্তি প্রজ্বলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে৷ তেওঁ চমু ভাষণ প্রদান কৰি অসমৰ উন্নতি, প্রগতিৰ গতি অব্যাহত ৰাখিবলৈ বিজেপিক পুনৰ শাসনলৈ অনাটো অতি প্রয়োজন বুলি মন্তব্য কৰি কংগ্রেছৰ কোনো সুনির্দিষ্ট নীতি নাই বুলিও সমালোচনা কৰে৷ অসমৰ ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে সর্বানন্দ সোণোৱালৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিবলৈ যুৱ প্রজন্মক দেহেকেহে সহযোগ আগবঢ়াবলৈ তেওঁ আহ্বান জনায়৷ সমাৰোহত আদৰণী ভাষণ প্রদান কৰে যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে৷

যুৱ সমাৰোহত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– কংগ্রেছৰ দিনত অসম আৰু এতিয়াৰ অসমৰ মাজত পার্থক্য আছে৷ কংগ্রেছৰ দিনত ধুতী আৰু লুঙিৰ কথাই বেছি চিন্তা কৰিছিল৷ কংগ্রেছৰ ছিম্বল হাতৰ পৰিৱর্তে লুঙি হৈ যাব লাগিছিল বুলি ভাষণ প্রসংগত তেওঁ কটাক্ষ কৰে৷ সূতা–কম্বল–ধুতীৰ ৰাজনীতি বিজেপিয়ে কৰা নাই বুলিও তেওঁ মন্তব্য কৰে৷ মন্ত্রী ড০ শর্মাই কয়– চাহ বাগিচাৰ শ্রমিকৰ লাইনত গৈ ৰাস্তা নির্মাণ কৰিলোঁ, হাইস্কুল নির্মাণ কৰিলোঁ, পিতৃ–মাতৃক সু–স্বাস্থ্যৰ বাবে টকা দিছোঁ, প্রসূতিৰ বাবে ধন দিছোঁ, ৮ লাখ শ্রমিকৰ একাউণ্টত দুহাজাৰকৈ ধন ভৰোৱা হ’ল, ২১৭ টকালৈ শ্রমিকৰ মজুৰি বৃদ্ধি কৰা হ’ল৷ বাগিচাত এটা পৰিৱেশ নির্মাণ কৰা হৈছে, চাহ বাগিচাৰ পিতৃ–মাতৃ, যুৱক–যুৱতীসকলক্ এক নতুন স্বাভিমান দিবলৈ আৰু এটা নতুন পৰৱেশ দিবলৈ চেষ্টা কৰিলোঁ৷ কাজিৰঙালৈকে কংগ্রেছে বাংলাদেশী লৈ আনিছিল৷ দেওবাৰে সেই কংগ্রেছে আজমলৰ লগত মহাজোঁট কৰিছে৷ বটদ্রৱাক কংগ্রেছে এচাম সন্দেহজনক বাংলাদেশীৰ হাতত গতাবলৈ লোৱাৰ কথা পাহৰা নাই৷ তেওঁ লগতে কয়– আজমলৰ লগত লগোৱা মহাজোঁটৰ গাঁঠি এনেধৰণে লগাই দিম, সেই গাঁঠি জীৱনত খুলিব নোৱাৰিব৷ এই নির্বাচনতে আজমলক ব্রহ্মপুত্রত পেলাব লাগিব৷ নির্বাচনত আজমলৰ কোনো নাম–নিচান থাকিবলৈ দিয়া নহ’ব৷

আনহাতে, যুৱ সমাৰোহলৈ অহাৰ পূর্বে নিজে লিখা ‘মোৰ প্রাণত অসমী আই, মোৰ প্রাণত কেৱল মোৰ আইৰ বাবে’ শীর্ষক এটা স্বৰচিত কবিতাৰ জৰিয়তে সকলোকে উদ্বেলিত কৰি তোলে মন্ত্রী ড০ শর্মাই৷

আনহাতে, যিবিলাক পৰিয়ালে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, সেইসকলকো পুনৰ বিজেপি চৰকাৰ হ’লে এই সুবিধা দিয়াৰ আশ্বাস দিয়ে মন্ত্রী ড০ শর্মাই৷ এ আই ইউ ডি এফ আৰু কংগ্রেছক তীব্র বাক্যবাণেৰে আক্রমণ কৰি ড০ শর্মাই কয়– আজমলে অসমৰ কথা চিন্তা নকৰে, আজমলে বটদ্রৱাৰ মাটি কেনেকৈ দখল কৰিব পাৰি, সেই কথাহে চিন্তা কৰে৷ আজমল আৰু কংগ্রেছক হয় ব্রহ্মপুত্রত ডুবাই দিব লাগিব অথবা বাংলাদেশলৈ পঠিয়াই দিব লাগিব বুলিও মন্ত্রী ড০ শর্মাই ভাষণত কয়৷ সমাৰোহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভাষণ প্রদান কৰি কয় যে যুৱ মর্চাৰ ওপৰত অগাধ বিশ্বাস আছে৷ চিলাৰায়ৰ দিনৰ সেই দপদপনি এতিয়া অসমৰ পশ্চিম অঞ্চলত নাই৷ অসমৰ পশ্চিম অঞ্চলত বদৰুদ্দিন আজমলৰ দপদপনি চলে৷ কংগ্রেছৰ বাবেই ৰাজনৈতিক, সামাজিক ক্ষমতা অসমৰ পশ্চিম অঞ্চলত খিলঞ্জীয়াই হেৰুৱাইছে৷ সেয়ে উজনিৰ যিবিলাক সমষ্টি কংগ্রেছৰ দখলত আছে, সেই সমষ্টিসমূহত কংগ্রেছক উৎখাত কৰাৰ আহ্বান জনায় ৰঞ্জিত দাসে৷ সমাৰোহত উজনি অসমৰ ডিব্রুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, মাজুলী, ধেমাজি আৰু লখিমপুৰ জিলাৰ পৰা কেইবাসহস্র লোকে অংশগ্রহণ কৰে৷

You might also like