নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ড০ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ আজি ওদালগুৰি জিলাৰ খৈৰাবাৰীত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা আঢ়ৈ কোটি ব্যয়সাপেক্ষ ড০ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন স্থাপন কৰা হয় । এক মাঙ্গলিক পৰিৱেশত ভৱনটিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে শিক্ষা তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডা: ৰণোজ পেগু । আধাৰশিলা অনুষ্ঠানত স্থানীয় বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, জগদীশ সৰকাৰ, বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ চন্দ্ৰ বড়ো, মহকুমাধিপতি (ভেৰগাঁও) দীপক ভূঞা, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় নাগৰিক উপস্থিত থাকে । ইয়াৰ পূৰ্বে  কলাইগাঁৱত ৩ কোটি টকা ব্যয়সাপেক্ষ এটা অডিটৰিয়াম আৰু  ৫০ লাখ টকা ব্যয়সাপেক্ষ বজাৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী পেগুই । ইপিনে সাংবাদিকৰে হোৱা কথা-বাৰ্তাত মন্ত্ৰী গৰাকীয়ে খৈৰাবাৰীত নিৰ্মাণ কৰিবলৈ লোৱা আম্বেদকাৰ ভৱনটিৰ আন্ত:গাঁথনি পৰ্যায়ক্ৰমে উন্নত কৰি তোলা হ’ব বুলিও উল্লেখ কৰে । প্ৰাদেশীকৰণ নোহোৱা চৰকাৰীভাৱে স্বীকৃত হাইস্কুল সন্দৰ্ভত চৰকাৰৰ স্থিতি কি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰাদেশীকৰণ আইনৰ আওতাত নপৰা বিদ্যালয়সমূহৰ কথা চৰকাৰে বিবেচনা নানে । আধাৰশিলা পৰ্বৰ পাছতে পৰিদৰ্শন বঙলাত মন্ত্ৰীগৰাকীক খৈৰাবাৰীৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচাৰে আদৰণি জনায়।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like