নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্র দেশলৈ সম্প্রসাৰিত মন্ত্রী ড০ শর্মাৰ ‘জেড’ কেটেগৰীৰ নিৰাপত্তা

‘আইবি’সহ কেইবাটাও চোৰাংচোৱা সংস্থাৰ অসম আৰক্ষীলৈ সতর্কবাণী

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ  কুখ্যাত ইছলামিক ষ্টেটৰ (আই এছ) সৈতে সম্পর্ক থকা বাংলাদেশৰ মৌলবাদী উগ্রপন্থী সংগঠনৰ একাধিক সন্ত্রাসবাদীয়ে শেহতীয়াকৈ অসমত প্রৱেশ কৰিছে৷ আই বিকে ধৰি কেইবাটাও কেন্দ্রীয় চোৰাংচোৱা সংস্থাই অলপতে অসম আৰক্ষীক এই সতর্কবাণী প্রদান কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক শীর্ষ সূত্রত এই কথা জানিব পৰা গৈছে৷ অসমৰ লগতে চুবুৰীয়া উত্তৰবংগতো এই মুহূর্তত আত্মগোপন কৰি কূটাঘাতৰ পৰিকল্পনা কৰি থকা সংগঠনটো হৈছে ‘নিও–জামাত–উল–মুজাহ্, বাংলাদেশ’ (নিও–জে এম বি)৷ ইয়াৰ মাজতে এটা ৰাষ্ট্রীয় পর্যায়ৰ টিভি চেনেলৰ সন্মুখত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই স্বীকাৰ কৰিছে যে অসমত নিও–জে এম বি সন্ত্রাসবাদীয়ে প্রৱেশ কৰিছে৷ অনাকাংক্ষিত সকলো ধৰণৰ পৰিস্থিতিৰ বাবে অসম আৰক্ষীয়ে প্রস্তুতি চলাই থকাৰ কথাও তেওঁ সদৰী কৰিছে৷ লক্ষণীয়ভাৱে যোৱা মঙলবাৰে ভাৰত আৰু বাংলাদেশৰ আৰক্ষীপ্রধানসকলৰ্ মাজত অনুষ্ঠিত প্রথমখন বৈঠকত অসম তথা উত্তৰ–পূর্বাঞ্চলত আই এছৰ সৈতে সম্পর্ক থকা বাংলাদেশৰ মৌলবাদী সন্ত্রাসবাদী সংগঠনসমূহে নেটৱর্ক বিস্তাৰ কৰাৰ বিষয়টো চর্চা লাভ কৰিছিল৷ এইক্ষেত্রত বাংলাদেশৰ তৰফৰ পৰা ভাৰতক সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰা হৈছে৷ বৈঠকত দুয়ো দেশৰ জেহাদী কার্যকলাপৰ তথ্য তাৎক্ষণিকভাৱে আদান–প্রদানৰ বাবে এক বিশেষ ব্যৱস্থাপনা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ কোৱা হৈছে যে সন্ত্রাসবাদবিৰোধী ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে কেইবাটাও সুনির্দিষ্ট ‘ন’ডেল পইণ্ট’ গঢ়ি তোলা হ’ব৷ ‘ৰিয়েল টাইম’ত দুয়ো দেশে চোৰাংচোৱাৰ তথ্য আদান–প্রদান কৰিব উক্ত ‘ন’ডেল পয়েণ্ট’সমূহৰ জৰিয়তে৷ উক্ত বৈঠকৰ পাছতেই কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে আই এছৰ সৈতে সম্পর্ক থকা নিও–জে এম বিৰ কেইবাজনো সন্ত্রাসবাদীয়ে অলপতে অসম আৰু উত্তৰবংগত প্রৱেশ কৰিছে৷
ড০ হিমন্ত বিশ্ব শর্মাৰ জেড কেটেগৰীৰ
নিৰাপত্তা সমগ্র দেশলৈ সম্প্রসাৰিত
চোৰাংচোৱাৰ উল্লিখিত বিস্ফোৰক তথ্যৰ মাজতে অসমৰ বিত্ত, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমগ্র দেশত জেড কেটেগৰীৰ নিৰাপত্তা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ মন্ত্রালয়টোৰ সূত্রত প্রকাশ পোৱা মতে কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিয়ে শেহতীয়াকৈ মন্ত্রী ড০ শর্মাৰ নিৰাপত্তাৰ বিষয়টো পর্যালোচনা কৰিছিল৷ বাস্তৱত আই বিৰ ‘থ্রেট পাৰচেপচন ৰিপ’ট’ত কেন্দ্রীয় গৃহ মন্ত্রালয়ক উক্ত পৰামর্শ প্রদান কৰা হৈছিল৷ উল্লেখ্য যে ২০১৭ চনৰ জুলাই মাহৰ পৰা মন্ত্রী ড০ শর্মাক জেড কেটেগৰীৰ নিৰাপত্তা প্রদান কৰা হৈছিল যদিও সেয়া কেৱল অসমৰ ভিতৰতেই সীমাবদ্ধ আছিল৷ পিছে অসমত নিও–জে এম বিৰ জাল বিস্তাৰৰ লগতে ৰাজ্যৰ চৰকাৰী মাদ্রাছাসমূহ বন্ধ কৰি দিয়াৰ আঁৰত মন্ত্রী ড০ শর্মাৰ যি ভূমিকা আছিল, তাৰ প্রতি লক্ষ্য ৰাখি আই বিয়ে কোনো সময় ব্যয় নকৰাকৈ তেওঁৰ সুৰক্ষাগত বিষয়টো পর্যালোচনা কৰে৷ পাছত দাখিল কৰা ‘থ্রেট পাৰচেপচন ৰিপ’ট’ৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনুষ্ঠানিকভাৱে তেওঁ লাভ কৰি থকা জেড কেটেগৰীৰ নিৰাপত্তা সমগ্র দেশত প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে ২০১৭ চনৰ ‘থ্রেট পাৰচেপচন ৰিপ’ট’ৰ ভিত্তিত এই মুহূর্তত দেশত জেড প্লাছ কেটেগৰীৰ নিৰাপত্তা লাভ কৰা মুঠ ব্যক্তিৰ সংখ্যা হৈছে ২৬৷ আনহাতে, জেড কেটেগৰীৰ নিৰাপত্তা লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৫৮৷ সমগ্র দেশত জেড কেটেগৰীৰ নিৰাপত্তা লাভ কৰিবলগীয়া মন্ত্রী ড০ শর্মাই ৪–৫জন কমাণ্ডৰ লগতে মুঠ ২২জন নিৰাপত্তাৰক্ষীৰ পহৰা লাভ কৰিব৷ আই বিৰ ‘থ্রেট পাৰচেপচন ৰিপ’ট’ৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্রালয়ে সময়ে সময়ে ভি আই পিসকলৰ নিৰাপত্তাৰ বিষয়টো পর্যালোচনা কৰে যদিও নিৰাপত্তাজনিত কাৰণত কোন কোন ভি আই পিক কি পর্যায়ৰ নিৰাপত্তা লাভ কৰি আছে, তাৰ কোনো তথ্য ‘পাব্লিক ডোমেইন’ত ৰখা নাই৷ উল্লেখ্য যে ২০১৭ চনৰ ১১ এপ্রিলত চৰকাৰী পি আই বিয়ে জাৰি কৰা নিৰাপত্তা বিষয়ক প্রেছ বিজ্ঞপ্তিত কেৱল বিভিন্ন কেটেগৰীত দেশত কিমানসংখ্যক ব্যক্তিয়ে নিৰাপত্তা লাভ কৰি আহিছে, তাৰ এখন তালিকা প্রদান কৰা হৈছিল৷ উক্ত তালিকা অনুসৰি জেড প্লাছ, জেড, ৱাই প্লাছ, ৱাই আৰু এক্স কেটেগৰীত দেশত মুঠ ২৯৮জন ব্যক্তিয়ে বিশেষ নিৰাপত্তা লাভ কৰে৷
অসম–পশ্চিমবংগত জে এম বিৰ মহিলা গোটৰ আত্মপ্রকাশ
অসমত জেহাদী কার্যকলাপ যোৱা এবছৰত লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ একাধিক ৰিপ’ট অনুসৰি অসম তথা উত্তৰ বংগত নিও–জে এম বিৰ একাধিক শ্লীপাৰ চেলে আত্মগোপন কৰি আছে৷ উল্লেখ্য যে বাংলাদেশে সন্ত্রাসবাদবিৰোধী অভিযান তীব্রতৰ কৰি তোলাৰ পাছত ২০১৭ চনত জামাত–উল–মুজাহিদীন্, বাংলাদেশ (জে এম বি) কেইবাটাও গোটত খণ্ড–বিখণ্ড হৈ পৰে৷ সেই বছৰতেই প্রথমবাৰৰ বাবে নিও–জে এম বি নামৰ সংগঠনটোৰ কথা পোহৰলৈ আহে৷ চাঞ্চল্যকৰ কথাটো হৈছে শেহতীয়াকৈ জে এম বিৰ মহিলা গোটৰ এটা সংগঠনো গঢ় লৈ উঠিছে৷ অসম, উত্তৰ বংগত ইতিমধ্যে এই মহিলা গোটে নেটৱর্ক বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি চোৰাংচোৱাৰ তথ্যত প্রকাশ পাইছে৷ যোৱা বছৰ জুলাই মাহত বাংলাদেশৰ ৰাজধানী ঢ়াকাত আয়েশা জন্নত মোহনা নামৰ ২৫ বছৰীয়া এগৰাকী মহিলাই বাংলাদেশ আৰক্ষীৰ জালত পৰাৰ পিছত বিষয়টো প্রথমবাৰৰ বাবে পোহৰলৈ আহে৷ মহিলাগৰাকীৰ পৰা ভাৰতীয় পৰিচয়–পত্র লাভ কৰে বংলাদেশ আৰক্ষীয়ে৷ ইয়াৰ পাছতেই বাংলাদেশে ভাৰত চৰকাৰক জে এম বিৰ মহিলা গোটটোৰ বিষয়ত সতর্ক কৰি দিয়ে৷
তীব্র আর্থিক সংকটত জেএমবিৰ ধন সংগ্রহৰ অভিযানঃ ২০২০ চনত ‘নিয়মীয়া বার্তা’ৰ আছুতীয়া প্রতিবেদন
মন কৰিবলগীয়া যে অসমত জে এম বিৰ শ্লীপাৰ চেল সক্রিয় হৈ থকা সন্দর্ভত যোৱা বছৰ ২২ ফেব্রুৱাৰীত প্রথমবাৰৰ বাবে ‘নিয়মীয়া বার্তা’ত এক আছুতীয়া প্রতিবেদন প্রকাশ পাইছিল৷ সেই সময়ত তীব্র আর্থিক সংকটৰ সন্মুখীন হোৱা জে এম বিয়ে জেহাদী কার্যকলাপ সাময়িকভাৱে স্থগিত ৰাখি সংগঠনটোৰ শ্লীপাৰ চেলক ডকাইতি, অপহৰণ, জালিয়াতিৰে ধন সংগ্রহৰ দৰে কার্যকলাপত লিপ্ত কৰাইছিল৷ ২০২০ চনৰ ২২ ফেব্রুৱাৰীত প্রকাশিত প্রতিবেদনত প্রকাশ পাইছিল যে অনাগত দিনত জেহাদী কার্যকলাপ সংঘটিত কৰিবলৈ তথা কূটাঘাতমূলক কাম–কাজৰ বাবে অসম, উত্তৰ বংগত বিস্ফোৰক প্রস্তুত কৰি থকা হৈছিল৷ ইয়াৰ বাবে জেহাদী সংগঠনটোৱে স্থাপন কৰিছিল একাধিক গোপন লেবৰেটৰী৷ আই বিৰ প্রতিবেদনত অতি চাঞ্চল্যকৰ এই কথা প্রকাশ পাইছিল৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিৰ তৰফৰ পৰা শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ক এক প্রতিবেদনযোগে অতি চাঞ্চল্যকৰ এইবোৰ তথ্য প্রদান কৰা হৈছে৷ প্রতিবেদনত কোৱা হৈছিল অসম, ত্রিপুৰা আৰু পশ্চিমবংগ সংলগ্ণ বাংলাদেশ সীমান্তৱর্তী এলেকাসমূহ জে এম বিৰ শ্লীপাৰ চেলৰ নতুন ঠিকনা হৈ পৰিছে৷ ভাৰতত জে এম বিৰ মূল দায়িত্বত থকা এজাজ আহমেদকে ধৰি মৌলবাদী সংগঠনটোৰ একাধিক শীর্ষ নেতা আৰক্ষীৰ জালত পৰাৰ পাছত সংগঠনটোৱে তীব্র আর্থিক সংকটত পৰা বুলি প্রকাশ পাইছিল৷ কাৰণ মৌলবাদী নেতাসকলৰ বেংক একাউণ্ট বাজেয়াপ্ত কৰা হৈছিল৷ সেয়েহে সংগঠনটোৱে ধন সংগ্রহতহে বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ এইক্ষেত্রত আমদানি–ৰপ্তানিৰ ব্যৱসায়ত জড়িত প্রতিষ্ঠান আৰু অলংকাৰৰ দোকানীসকলক লক্ষ্য কৰি লৈছিল জেহাদীসকলে৷ পিছে যোৱা বছৰ মার্চ মাহৰ পৰা দেশজুৰি চলা লকডাউনৰ পৰিপ্রেক্ষিতত জে এম বিয়ে পুনৰ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হয় যদিও লকডাউন শিথিল হোৱাৰ লগে লগে এইবাৰ নিও–জে এম বিৰ শ্লীপাৰ চেল পুনৰ সক্রিয় হ’বলৈ ধৰিছে বুলি চোৰাংচোৱাই অসম আৰু পশ্চিমবংগ চৰকাৰক সতর্ক কৰি দিছে৷

You might also like