কৃষকক উপযুক্ত মূল্য প্রদানৰ বাবে ৰাজ্যিক–জিলা পর্যায়ৰ সমিতি গঠনৰ নির্দেশ কৃষিমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ২৬ মে’: ক’ভিড সংক্রমণৰ পৰিপ্রেক্ষিতত বলৱৎ কৰা আংশিক লকডাউন সদৃশ অৱস্থাই যাতে কৃষকৰ ক্ষতি কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিছে কৃষিমন্ত্রী অতুল বৰাই৷ ৰাজ্যখনৰ কৃষকে উৎপাদন কৰা শাক–পাচলি, ফলমূল আদিৰ উপযুক্ত মূল্য লাভ কৰাৰ লগতে সাধাৰণ ৰাইজে যাতে উপযুক্ত মূল্যত এই শস্য ক্রয় কৰিব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখি জিলা আৰু ৰাজ্যিক পর্যায়ত দুখনকৈ উচ্চ পর্যায়ৰ সমিতি গঠন কৰিবলৈ নির্দেশ দিছে কৃষিমন্ত্রী বৰাই৷
এই নির্দেশ অনুসৰি জিলা পর্যায়ত সংশ্লিষ্ট জিলা উন্নয়ন আয়ুক্তক অধ্যক্ষ আৰু জিলা কৃষি বিষয়াক সদস্য সচিব হিচাপে লৈ প্রতিখন জিলাতে এখনকৈ জিলা পর্যায়ৰ সমিতি গঠন কৰিবলৈ কোৱা হৈছে৷ এই সমিতিখনত জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া আৰু জিলা গ্রামোন্নয়ন অভিকৰণৰ প্রকল্প সঞ্চালক, জিলাখনৰ সকলো কৃষি উন্নয়ন বিষয়া, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ পৰিদর্শকসকল, জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু কৃষি বিজ্ঞান কেন্দ্রৰ আঁচনি সমন্বয়কগৰাকী সদস্য হিচাপে থাকি কার্যনির্বাহ কৰিব৷
জিলা পর্যায়ৰ এই সমিতিখনে জিলাখনৰ বিপণনযোগ্য কৃষিজাত শস্যৰ তথ্য সংগ্রহ কৰি জিলা প্রশাসনৰ দ্বাৰা অনুমোদিত ভেণ্ডৰৰ জৰিয়তে ক্রয় কৰাৰ উপৰি জিলা প্রশাসনে নির্ধাৰণ কৰি দিয়া স্থানত ৰাইজক নির্ধাৰিত মূল্যত বিক্রী কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ এইক্ষেত্রত ক’ভিড–১৯ সম্পর্কীয় সকলো নীতি–নির্দেশনা কঠোৰভাৱে মানি চলিব লাগিব বুলি চৰকাৰী নির্দেশটোত কোৱা হৈছে৷ তেনেদৰে ৰাজ্যিক পর্যায়ৰ সমিতিখনত কৃষি বিভাগৰ সচিবক অধ্যক্ষ আৰু অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়াগৰাকীক সদস্য সচিব হিচাপে লৈ ৰাজ্যিক পর্যায়ৰ সমিতিখন গঠন কৰা হৈছে৷ এই সমিতিখনত কৃষি সঞ্চালক, যুটীয়া কৃষি সচিব, উপ–কৃষি সচিব আৰু উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকগৰাকী সদস্য হিচাপে থাকিব৷ এই ৰাজ্যিক পর্যায়ৰ সমিতিখনে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণ আৰু স্বাস্থ্য বিভাগে সময়ে সময়ে জাৰি কৰা ক’ভিড সম্পর্কীয় নীতি–নির্দেশনাসমূহ জিলা সমিতিসমূহে মানি চলাৰ লগতে জিলা পর্যায়ৰ সমিতিসমূহৰ কাম–কাজ নিৰীক্ষণ কৰিব৷ ক’ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা সংকটৰ সময়ত কৃষকৰ ওচৰত সজাগ প্রহৰীৰ দৰে থাকিব কৃষি বিভাগ৷
যিকোনো কাৰণতে কৃষকৰ ক্ষতি হ’বলৈ দিয়া নহ’ব৷ কৃষি বিভাগৰ প্রতিজন বিষয়া–কর্মচাৰীক এই সংকটৰ সময়ত কৃষক ৰাইজৰ ওচৰত থাকি সহায়ৰ হাত আগবঢ়াবলৈ নির্দেশ দিয়া হৈছে৷ মঙলবাৰে চাংসাৰিৰ ৰে’লৱে য়ার্ডত কৃষি বিভাগৰ আঁচনিৰ অধীনত অসমৰ কৃষক ৰাইজৰ বাবে ৬৬১খন পাৱাৰ টিলাৰ আৰু ২৫টা ধান কটা যন্ত্রৰ ফ্লেগ অফ কৰি এই মন্তব্য কৰে কৃষিমন্ত্রী অতুল বৰাই৷ উল্লেখ্য যে আজি কৃষিমন্ত্রী বৰাই ফ্লেগ অফ কৰা এই পাৱাৰ টিলাৰৰ ৩০০খন বৰপেটা, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, দৰং, মৰিগাঁও, হোজাই, বিশ্বনাথ আৰু কামৰূপ জিলালৈ প্রেৰণ কৰাৰ বিপৰীতে বাকী থকা ৩৮৬খন পাৱাৰ টিলাৰ আৰু ধানকটা যন্ত্র ৰে’লযোগে ফৰকাটিং ৰেল ষ্টেচনলৈ প্রেৰণ কৰা হৈছে৷ তাৰ পৰা এই যন্ত্রসমূহ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্রুগড়, তিনিচুকীয়া, তেজপুৰ, নগাঁও, লখিমপুৰ আৰু ধেমাজি জিলাৰ কৃষকলৈ প্রেৰণ কৰা হ’ব৷