বিশেষ বাৰ্তা, ৭ জুলাইঃ এক ভাইৰেল ভিডিঅৱে পুনৰ জোকাৰিছে ৰাজ্যৰ ৰাজনৈতিক জগত। মন্ত্ৰী পীযূষ হাজৰীকাই এই ভাইৰেল ভিডিঅ সম্পৰ্কত কৰিছে যথেষ্ট তিৰ্যক মন্তব্য। সেই ভাইৰেল ভিডিঅটো আন কাৰো নহয়, এয়া হল এসময়ত অপদাৰ্থ আখ্যা দি এতিয়া হাতে হাত মিলাই ফটো উঠি ৰাইজক বিভ্ৰান্ত কৰি অহা অখিল গগৈ। সম্প্ৰতি এক ফটোক কেন্দ্ৰ কৰি খলকনি লাগি থকা ৰাজ্যৰ ৰাজনীতিৰ মাজতে এই ভাইৰেল ভিডিঅৱেও নতুন ৰাজনৈতিক ভূমিকম্পৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত। ভিডিঅটো সম্পৰ্কত মন্ত্ৰী হাজৰীকাই কয়- এসময়ৰ অপদাৰ্থজনৰ সৈতে হাতত হাত মিলাই ফটো উঠিলে অখিল গগৈয়ে! সেই অপদাৰ্থজন আন কোনো নহয়, কলিয়াবৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ। এসময়ত গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰি অখিল গগৈয়ে গৌৰৱ গগৈক অপদাৰ্থ বুলি আখ্যা দিয়াৰ লগতে গৌৰৱ গগৈৰ দৰে কোনো গুৰুত্ব নথকা এজন ব্যক্তিক সন্মানীয় কলিয়াবৰ সমষ্টিত ডাষ্টবিনত জাৱৰ পেলোৱাৰ নিচিনাকৈ পেলাই দিয়া বুলি মন্তব্য কৰিছিল। অখিল গগৈয়ে কৈছিল- ‘গৌৰৱ গগৈৰ বিষয়ে বাৰে বাৰে কৈ থাকিবলৈ লাজ পাওঁ। কোনো ধৰণৰ গুৰুত্ব নোহোৱা মানুহ এটাক ডাষ্টবিনত জাৱৰ পেলোৱাৰ নিচিনাকৈ দীপ গগৈৰ ঠাইত পেলাই দিছে। কলিয়াবৰ লোকসভা সমষ্টিত অপদাৰ্থ এটাক ডাষ্টবিনত জাৱৰ পেলোৱাৰ নিচিনাকৈ পেলাই দিছে।’ অখিলে কলিয়াবৰবাসীক সমষ্টিটোৰ সন্মান ৰক্ষা কৰাৰ আহ্বান জনাই গৌৰৱ গগৈৰ দৰে অপদাৰ্থজনক কেতিয়াও ভোট নিদিবলৈও আহ্বান জনাইছিল। এতিয়া সেইজন অপদাৰ্থৰ সৈতে নিৰ্লজ্জভাৱে অখিল গগৈয়ে হাতত হাত মিলাই ফটো উঠা কাৰ্যই ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অখিলে যে যিকোনো পৰ্যায়লৈ নামিব পাৰে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই প্ৰমাণ কৰা বুলি চৰ্চিত হৈছে। মন্ত্ৰী পীযুষ হাজৰীকাকো নিজৰ ফেচবুক পেজত অখিলৰ সেই ভিডিঅ’ শ্বেয়াৰ কৰি ‘এইজন অখিল গগৈ ডাঙৰীয়ায়েইনে…?’ বুলি অখিলক কটাক্ষ কৰা পৰিলক্ষিত হৈছে।