যোৰহাটত মন্ত্ৰী পীয়ূষ হাজৰিকা, ২৬টা হাই মাষ্ট লাইটেৰে পোহৰাব যোৰহাট
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ স্বচ্ছতাৰ দিশত আৰু এখোজ আগবাঢ়িছে যোৰহাট নগৰ। অসমৰ বিভিন্ন জিলাৰ লগতে বিশেষ ভ্ৰমণসূচী লৈ আজি যোৰহাটত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। যোৰহাট পৌৰসভাৰ অন্তৰ্গত নগৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰাৰ লগতে জাবৰ নিষ্কাশনৰ ভিন্ন স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীজনে।
বৰ্তমান গড়মূৰ প্ৰকল্পত চলিড ৱেইষ্ট মেনেজমেণ্টৰ কাম চলি আছে । অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব লাগে বুলিও সংশ্লিষ্ট বিভাগক নীতি- নিৰ্দেশনা দিয়ে। আগন্তুক অক্টোবৰ মাহৰ পৰাই কাম-কাজ আৰম্ভ কৰিব পৰা যাব বুলিও সাংবাদিকক অৱগত কৰে পীয়ূষ হাজৰিকাই।
তদুপৰি যোৰহাট নগৰৰ ভিন্ন স্থানত আটকধুনীয়া ২৬টা হাই মাষ্ট লাইট লগোৱাৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰীজনে। পৰিদৰ্শন কালত মন্ত্ৰীজনৰ সৈতে যোৰহাট পৌৰসভাৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত ফুকন উপস্থিত আছিল। উল্লেখ্য, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্যে বিজেপি যুৱ মৰ্চাৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা, যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে মন্ত্ৰী পীয়ূষ হাজৰিকাক আজি সংগদান কৰে।