🔹 কংগ্ৰেছ-এআইইউডিএফ ভাই ভাই, বিধায়ক কমলাক্ষই সদায় মিছা কথা কয় : পীয়ূষ
নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : কংগ্ৰেছ আৰু এআইইউডিএফ ভাই ভাই । কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সদায় মিছা কথা কয়। কংগ্ৰেছৰ কাৰ্য আৰু কথাৰ কোনো মিল নাই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিলাপ্ৰীতি পূৰ্বৰ পৰা আছেই। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিলাপ্ৰীতিৰ কোনো ঠিকনাও নাই। তেওঁলোকৰ মিত্ৰতা হোৱা-নোহোৱাৰ আদি-অন্ত নাই বুলি বিৰোধী উভয় দলক কটাক্ষ কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই। বৃহস্পতিবাৰে শিলচৰ গান্ধী মেলা খেলপথাৰত মন্ত্ৰী হাজৰিকাই মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰজ্ঞা ভাৰতীৰ অধীনত ‘বাণীকান্ত কাকতি বঁটা আঁচনি’ৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত এনেদৰে কয় মন্ত্ৰী হাজৰিকাই । সাংবাদিকৰ সন্মুখত পীয়ূষ হাজৰিকাই কয়- কৰিমগঞ্জৰ বিধায়ক কমলাক্ষই সদায় মিছা কথা কয় । তেওঁৰ কথাৰ স’তে বাস্তৱৰ কোনো মিল নাই। তেওঁ কয়- বৰ্তমান চৰকাৰে সমগ্ৰ ৰাজ্যতে শিক্ষাৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণকে ধৰি শিক্ষাৰ মান উন্নত কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। আজিৰ দিনটোতে অসমৰ ৩৫,৭৭০গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰা হয়। ইয়াৰে ৩০,২০৫গৰাকী ছাত্ৰী আৰু ৫৭৬৩গৰাকী ছাত্ৰৰ মাজত স্কুটী বিতৰণ কৰা হয়। তদুপৰি আজিৰ দিনটোত কাছাৰৰ ১২৩১গৰাকী, কৰিমগঞ্জৰ ১২৪৯গৰাকী আৰু হাইলাকান্দিৰ ৪৫৪গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী লাভ কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ওপৰত আলোকপাত কৰি শিক্ষাৰ মাধ্যমক আহিলা হিচাপে ব্যৱহাৰ কৰি দেশ আৰু ৰাজ্য গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মন্ত্ৰী হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। উল্লেখ্য যে ২০২৩ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰা হয়। বঁটা বিতৰণ কাৰ্যসূচীত বৰাকৰ ২৯৩৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰা হয়। অনুষ্ঠানত বিধায়ক যথাক্ৰমে কৌশিক ৰয়, মিহিৰ কান্তি সোম আৰু দীপায়ন চক্ৰৱৰ্তী, জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমল মাহাত্তো, কাছাৰ জিলা পৰিষদৰ সভাপতি অমিতাভ ৰয়, বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰয় আৰু বিজেপি ৰাজ্যিক সম্পাদক কনাদ পুৰকায়স্থ আদি উপস্থিত থাকে।
প্ৰেৰক গৌতম তালুকদাৰ