নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত “খেল মহাৰণ”ৰ শুভ উদ্বোধন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ :  সম্প্ৰতি অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাম্য আৰু চহৰ অঞ্চলৰ খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে গ্ৰহণ কৰা “খেল মহাৰণ-২০২৩” শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে আজি লখিমপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি “খেল মহাৰণ-২০২৩”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
অঞ্চলটোৰ প্ৰতিভাৱান খেলুৱৈসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত থকা প্ৰতিভা দেখি মুগ্ধ হৈ পৰে মন্ত্ৰী হাজৰিকা। আজিৰ “খেল মহাৰণ” কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, খেল মহাৰণ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, পঞ্চায়তৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
You might also like