নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুকৰ সমীপৰ গাভৰু টুনিজানৰ ৰঙাজানত গাভৰু নদীৰ বাঢ়নী পানীয়ে ইয়াৰ দক্ষিণ পাৰৰ মথাউৰিটো ছিঙি পেলোৱাৰ ফলত আজি তিনিদিন ধৰি বানপিড়িত ৰাইজৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে৷ পাহাৰীয়া খৰস্ৰোতা নদীখনে মথাউৰি ছিঙি বালিগাঁও, তৰাজুলি, ৰঙাজান, গাভৰু টুনিজান আদি গাঁৱত তাণ্ডৱ চলাই ঘৰবাৰী বুৰাই পেলোৱাৰ লগতে অঞ্চলটোৰ বহুকেইটা বাট পথ ছিঙি যাতায়ত বিছিন্ন কৰি তোলে৷ গাভৰু নদীখনৰ মুল পানীৰ ধাৰ ভগ্ন মথাউৰি অংশইদি বৈ আহি নদীখনৰ দিশ সলনি কৰাত বানদুৰ্গত ৰাইজৰ দুখ দুদৰ্শাৰ সীমা চেৰাই গৈছে৷ ইফালে আজি কেইবাদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা নদীখনৰ জলপৃষ্ঠ উফন্দি উঠি অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰবাৰী পানীৰে বুৰাই ৰাখিছে৷ আজি তিনিদিন ধৰি অঞ্চলটোৰ বহু পৰিয়ালে বানৰ সৈতে সহবাস কৰিব লগা হৈছে৷ ফলত ৰাইজৰ হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লগতে অঞ্চলটোৰ ঘৰচীয়া জীৱ জন্তুবোৰৰ অৱস্থা ও পানীত হাঁহ নচৰা হৈছে৷ আজি মন্ত্ৰী পীয়ুষ হাজৰীকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা বান দুৰ্গত অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে গাভৰু নদীখনৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱা ভগ্ন মথাউৰিৰ অংশটোও পৰিদৰ্শন কৰে৷ মন্ত্ৰী আৰু সাংসদ দুগৰাকীৰ লগত লখিমপুৰ জিলা উপায়ুক্ত গৰাকীও উপস্থিত থাকে৷ মন্ত্ৰী পীয়ুষ হাজৰীকা আৰু সাংসদ প্ৰদান বৰুৱাই ভুক্তভোগী ৰাইজক বান শুকালে অতি সোনকালে মথাউৰিৰ ভগ্ন অংশটো বন্ধাৰ আশ্বাস প্ৰদান কৰে৷ লগতে মন্ত্ৰীগৰাকীয়ে গাভৰু নদীৰ বান সমস্যা স্থায়ী সমাধানৰ বাবে আগন্তুক দিনত ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি মন্তব্য কৰে৷ বানে ছিঙা মথাউৰিটো নিৰ্মাণৰ কাম অতি সোনকালে ৰূপায়ণ কৰিবলৈ জিলা প্ৰশাসনক দুয়োগৰাকী জনপ্ৰতিনিধিয়ে নিৰ্দেশ দিয়ে৷ উল্লেখযোগ্য যে পাহাৰীয়া নদীখনে প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত নদীপৰীয়া উত্তৰ লালুক আৰু নিজ লালুক গাওঁ পঞ্চায়তৰ ৰাইজক জ্বলা কলা খোৱাই আহিছে৷
প্ৰেৰক মৃদুল ফুকন