নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

🔴 আত্মবিশ্বাস, সাধনা, যোগাত্মক চিন্তাধাৰা আৰু কঠোৰ পৰিশ্ৰম শিক্ষাৰ্থীৰ সফলতাৰ মূল আহিলা- ময়ূৰ হাজৰিকা
নিয়মীয়া বাৰ্তা, ৮ জুলাই : আত্মবিশ্বাস, সাধনা, যোগাত্মক চিন্তাধাৰা, কঠোৰ পৰিশ্ৰম আদি হ’ল শিক্ষাৰ্থীসকলৰ সফলতাৰ মুল আহিলা৷ এই মন্তব্য কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ত সৰ্বভাৰতীয় পৰ্যায়ত এইবেলি পঞ্চম স্থানপ্ৰাপ্ত অসম সন্তান ময়ূৰ হাজৰিকাৰ ৷ আজি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ উদ্যোগত আয়োজন কৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ময়ূৰ হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্ন উত্তৰ প্ৰদান কৰি কয় যে সৰ্বভাৰতীয় পৰীক্ষাত বিহাৰ, উত্তৰ প্ৰদেশ আদি ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে বিশেষ স্থান দখল কৰাৰ আঁৰত মূলতে আছে পৰিৱেশ ৷ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে এই ৰাজ্যসমূহত এক বিশেষ পৰিৱেশ গঢ় লৈ উঠিছে৷ আনকি এই ৰাজ্যসমূহত নিজ নিজ মাতৃভাষাতেই সৰ্বভাৰতীয় পৰীক্ষাৰ কিতাপ-পত্ৰ পোৱা যায় ৷ কিন্তু অসমত এতিয়াও এনেকুৱা পৰিৱেশ গঢ় লৈ উঠা নাই বুলি ময়ূৰ হাজৰিকাই যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ আনহাতে, অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে বিগত শতিকাৰ ৭০ – ৮০ দশকৰ পৰা বজালী, বৰপেটা আদিত IS নাইবা IPS পৰীক্ষাত পাছ কৰা লোকৰ সংখ্যা বহু পৰিমাণে কমিছে ৷ ইয়াৰ আঁৰত থকা কাৰণসমুহ বিশ্লেষণ কৰি নৱপ্ৰজন্মক আগুৱাই গৈ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহত সফলতা লাভ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ বিজেপি নেতা মুকুট কলিতাই আঁত ধৰা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত UPSCত পঞ্চম স্থানপ্ৰাপ্ত ময়ূৰ হাজৰিকাৰ লগতে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষৰ দহৰ ভিতৰত স্থানপ্ৰাপ্ত ৭গৰাকী কৃতী শিক্ষাৰ্থী আৰু ৮৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ২০৮গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে মন্ত্ৰী দাসৰ উদ্যোগত তথা ভাৰতীয় জনতা যুৱ মৰ্চা, বিজেপিৰ পাঠশালা নগৰ মণ্ডল, পাটাছাৰকুছি মণ্ডল আৰু উত্তৰ-পূব বজালী মণ্ডলৰ সহযোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত বজালীৰ অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কোষাধ্যক্ষ বিদ্যুত বিকাশ বৈশ্য, বিজেপিৰ বজালী জিলা সভাপতি নগেন চৌধুৰী, যুৱ মৰ্চাৰ বজালী জিলা সভাপতি চম্পক কাকতি, পাঠশালা পৌৰসভাৰ পৌৰপতি জলী চৌধুৰী সমন্বিতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like