নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌমুখৰ থেকেৰাতল মিৰি প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াসঃ শোভাযাত্ৰা-মুকলি সভাৰে বাৰ্ষিক অধিৱশন সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ বিষয়ে সৰ্বস্তৰতে নেতিবাচক বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে আমগুৰি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দিখৌমুখ অঞ্চলৰ ৩৬৪ নং থেকেকৰাতল মিৰি প্ৰাথমিক বিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপে অঞ্চলৱৰ্তী সচেতন মহলৰ প্ৰশংসা বুলিবলৈ সক্ষম হৈছে৷ প্ৰতিস্থা কালৰে পৰা শৈক্ষিক দিশত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা বিদ্যালয় খনে বৰ্তমানো বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুয়োটা দিশতে উজ্বলি উঠিবলৈ সক্ষম হৈছে৷ আজি বিদ্যালয় খনৰ বাৰ্ষিক অধিবেশন উপলক্ষে পুৱা শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা এক দিঘলীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। দুপৰীয়া এঘাৰ বজাত প্ৰধান শিক্ষক বিনোৱা টায়েই আগবঢ়োৱা আদৰণি ভাষণ আৰু ছাত্ৰী সকলে পৰিৱেশন কৰা বিদ্যালয় সঙ্গীতেৰে আৰম্ভ হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক প্ৰশান্ত দত্তই৷ উক্ত সভাত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ সমূহ প্ৰদান কৰা হয়৷ মুকলি সভাখনত নিদিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি দিখৌমুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰতীম শৰ্মাই নতুন শিক্ষা নীতিৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক আগন্তুক দিনবিলাকলৈ সাজু হ’বলৈ আহ্বান জনায়৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ বড়ি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ দত্ত, সমাজকৰ্মী ৰিপুল দহোটীয়াই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা সভাখনত ছাত্ৰীসকলে সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰি সকলোকে অভিভূত কৰে৷ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা মিছিং ভাষাত পৰিবেশন কৰা জাতীয় সঙ্গীতেৰে সভাৰ সামৰণি পৰে৷

প্ৰেৰক প্ৰণৱ খাটনিয়াৰ

You might also like