নিয়মীয়া বাৰ্তা ২৭ জুনঃ অসমৰ স্বাস্থ্য বিভাগে ক’ৰোনাৰ বিৰোধে যুঁজ দিবলৈ দিনে নিশাই ব্যস্ত হৈ আছে। ক’ৰোনা ৰোগী সকল চিকিৎসাৰ পৰা যাতে বাদ পৰি নাযায় যাৰ বাবে পলাশবাৰীৰ মিৰ্জাস্থিত পতঞ্জলি যোগপীঠত থকা পৃথকীকৰণ কেন্দ্ৰটি ২৫০খন বিচনাযুক্ত কোভিড চিকিৎসালয়লৈ পৰিৱৰ্তন কৰাৰ কাম চলি আছে ৷
আজি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰটি পৰিদৰ্শন কৰে আৰু মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াৰ এটা দল। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিড হাস্পতাল খনৰ সকলো ব্যৱস্থা পৰ্যবেক্ষণ কৰাৰ লগতে যাৱতীয় ব্যৱস্থাৱলী পৰ্যালোচনা কৰে।