মির্জাৰ পতঞ্জলি যোগপীঠ হ’ব ক’ভিড হাস্পতাল, স্বাস্থ্যমন্ত্রীৰ পৰিদৰ্শন
নিয়মীয়া বার্তা, ২৮ জুনঃ ক’ভিড–১৯ প্রতিৰোধৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিশেষ তৎপৰতা আৰম্ভ কৰা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি পলাশবাৰীৰ মির্জাস্থিত পতঞ্জলি যোগপীঠত থকা কোৱাৰেণ্টাইন কেন্দ্রটো পৰিদর্শন কৰে৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ বৰকুছিস্থিত পতঞ্জলি যোগপীঠ কোৱাৰেণ্টাইন কেন্দ্রটো অচিৰেই ২৫০খন বিছনাযুক্ত ক’ভিড চিকিৎসালয়লৈ পৰিৱর্তন কৰাৰ বাবে কাম চলি আছে৷
মন্ত্রীগৰাকীয়ে কালি স্বাস্থ্য বিভাগৰ এটা দল লৈ কেন্দ্রটো পৰিদর্শন কৰাৰ লগতে যাৱতীয় ব্যৱস্থাৱলী পর্যালোচনা কৰে৷ সংবাদ মাধ্যমক এই সন্দর্ভত ড০ শর্মাই কয় যে গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ ইতিমধ্যে ৯০০খন বিছনা ৰোগীৰে ভর্তি হৈছে৷ এনেস্থলত ক’ভিড চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷ খানাপাৰাত ৮০০খন বিছনাযুক্ত এখন ক’ভিড চিকিৎসালয়ৰ কাম সম্পূর্ণ হৈ উঠিছে আৰু বুধবাৰৰ পৰা চিকিৎসালয়খনত ৰোগী ভর্তি কৰোৱা হ’ব৷ একেদৰে পতঞ্জলি যোগপীঠ কেন্দ্রটোত ২৫০খন বিছনা যোগাৰ কৰা হ’ব৷
স্বাস্থ্য বিভাগে গুৱাহাটীত ক’ভিড ৰোগীৰ বাবে মুঠ ২,৫০০খন বিছনাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে কাম কৰি আছে৷ ইফালে গুৱাহাটীৰ কোৱাৰেণ্টাইন শিবিৰসমূহ বন্ধ কৰি এই শিবিৰসমূহত ক’ভিড ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হ’ব৷ কিয়নো এতিয়া ৰে’ল আৰু বিমানেৰে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হ্রাস পাইছে৷ গতিকে কোৱাৰেণ্টাইন কৰা লোকৰ সংখ্যাও কমি আহিছে৷
মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে গুৱাহাটীত যিদৰে লকডাউন বলৱৎ কৰা হৈছে, ৰাজ্যৰ আন কোনো জিলাত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালে সংশ্লিষ্ট জিলাখনত এনেদৰে লকডাউন বলৱৎ কৰা হ’ব৷ স্বাস্থ্যমন্ত্রীগৰাকীৰ সৈতে কেন্দ্রটো পৰিদর্শনৰ সময়ত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কৈলাস কার্তিক এন, পলাশবাৰী ৰাজহ চক্র বিষয়া ৰশ্মি বৰুৱা গগৈ আৰু দক্ষিণ কামৰূপ বিজেপিৰ জিলা সভাপতি ধনেশ্বৰ তালুকদাৰ৷