নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিচিং এলেকাত নিষিদ্ধ কৃষিমন্ত্রী অতুল বৰা

নিয়মীয়া বাৰ্তা ৯ জুনঃ বোকাখাতৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ যোৱা মিচিং জাতীয় ছাত্র সংগঠন টি এম পি কেৰ দুজনকৈ সক্রিয় কর্মীক বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্রী অতুল বৰাই দেহৰক্ষীক লগাই শাৰীৰিক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলা টি এম পি কেই৷ ছাত্র সংগঠনটোৱে এটা বিবৃতিত উল্লেখ কৰা অনুসৰি যোৱা ৬ জুনত বানাক্রান্ত দিচৈ পঞ্চায়তৰ বিভিন্ন অঞ্চলত খাদ্য সামগ্রীৰ টোপোলা বিতৰণ কৰিবলৈ অহা মন্ত্রী বৰাক উন্মুক্ত এলেংমাৰী জান আৰু অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি এলেংমাৰী জানটো পৰিদর্শন কৰিবলৈ অনুৰোধ জনায়৷ তেনে সময়তে টি এম পি কেৰ দুগৰাকী সক্রিয় কর্মীক ৰাজহুৱা স্থানত দেশৰক্ষী লগাই মাৰধৰ কৰোৱায় মন্ত্রী বৰাই৷ অসম চৰকাৰৰ কেইবাটাও দপ্তৰৰ দায়িত্বত থকা মন্ত্রী বৰাই মিচিং ছাত্র সংগঠনৰ দুগৰাকী কর্মীক শাৰীৰিকভাৱে অপদস্থ কৰা কার্যক তীব্র নিন্দা কৰি মন্ত্রী বৰাৰ বিধায়ক আৰু মন্ত্রীপদ খাৰিজ কৰাৰ দাবীত আজি বোকাখাত মহকুমাধিপতিৰ যোগেদি অসম বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰিছে টি এম পি কেই৷ ইপিনে টি এম পি কেৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্রসেন লইং, উপ–সভাপতিদ্বয় কৃষ্ণকান্ত কার্ডং আৰু জিতু কুমাৰ বড়ি আৰু সম্পাদক আকাশ মিলিয়ে স্বাক্ষৰ কৰি প্রেৰণ কৰা বিবৃতিত সহজ–সৰল মিচিং জনসাধাৰণক মন্ত্রী বৰাই কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু মিচিং অধ্যুষিত অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্ব নিদিয়ে বুলিও উল্লেখ আছে৷ লগতে মিচিং অধ্যুষিত এলেকাত মন্ত্রী বৰাৰ প্রৱেশ নিষিদ্ধ কৰাৰ বিষয়েও বিবৃতিত স্পষ্টকৈ উল্লেখ আছে৷ ৰাজহুৱা স্থানত দুজনকৈ টি এম পি কেৰ কর্মীক শাৰীৰিকভাৱ অপদস্থ কৰা ঘটনাটোক লৈ মিচিং অধ্যুষিত অঞ্চলত ব্যাপক চর্চা চলাৰ লগতে চেপা উত্তেজনাই বিৰাজ কৰিছে৷

You might also like